Schools : ক’ভিডকালত দেশৰ ৬৬ শতাংশ বিদ্যালয়ত নাছিল ইন্টাৰনেট, কেন্দ্রীয় শিক্ষা মন্ত্রণালয়

WhatsApp Image 2022 11 04 at 15.24.56

Schools :

অতিমাৰীকালত চৰকাৰী নির্দেশত অনলাইনত দেশজুৰি বিদ্যালয়ৰ পঠদান চলিছিল । তাজ্জৱ বিষয়, এই সময়ছোৱাত দেশৰ অধিকাংশ বিদ্যালয়ত ইন্টাৰনেট সেৱা নাছিল ! কম্পিউটাৰো নাছিল ! কেন্দ্রীয় চৰকাৰৰ প্ৰতিবেদনত প্রকাশ্যত আহিছে এই তথ্য । প্ৰতিবেদনত জনোৱা হৈছে, ২০২১-২২ শিক্ষাবর্ষত দেশৰ ৬৬ শতাংশ বিদ্যালয়ত ইন্টাৰনেটৰ কোনো ব্যৱস্থা নাছিল । কম্পিউটাৰ নাছিল ৫৫.৫ শতাংশ বিদ্যালয়ত ।

বৃহস্পতিবাৰে জিলাভিত্তিক শিক্ষা সংক্রান্ত প্ৰতিবেদন প্রকাশ কৰিছে কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ে । প্ৰতিবেদনখনৰ নাম ‘দ্য ইউনিফায়ড ডিষ্ট্ৰিক্ট ইনফৰমেছন ছিষ্টেম ফৰ এডুকেছন’ (ইউআইডিএছই) । দেশৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ পৰা পোৱা তথ্যৰ ভিত্তিত তৈয়াৰ কৰা হৈছে এই প্ৰতিবেদনখন ।

প্ৰতিবেদনত কোৱা হৈছে, দেশৰ ১৪ লাখ ৮৯ হেজাৰ ১১৫ খন বিদ্যালয়ৰ ভিতৰত মাত্র ছয় লাখ ৮২ হেজাৰ ৫৬৬ খন বিদ্যালয়ত কম্পিউটাৰ আছে । ইন্টাৰনেট সেৱা তাতকৈও কম, পাঁচ লাখ চাৰি হেজাৰ ৯৮৯ খন বিদ্যালয়ত ।

প্ৰতিবেদনত অধিক উদ্বেগৰ বিষয় হ’ল, ১২.৭ শতাংশ বিদ্যালয়ত নাই গ্ৰন্থাগাৰ । ডিজিটেল গ্ৰন্থাগাৰৰ ব্যৱস্থা আছে মাত্র ২.২ শতাংশ বিদ্যালয়ত । এতিয়াও দেশৰ ১০.৬ শতাংশ বিদ্যালয়ত বিদ্যুৎ উপলব্ধ নহয় । খেলপথাৰ নাই ২৩.০৪ শতাংশ বিদ্যালয়ত । শিক্ষাৰ্থীসকলৰ বাবে উপযুক্ত শৌচাগাৰৰ ব্যৱস্থা আছে মাত্র ২৬.৯৬ শতাংশ বিদ্যালয়ত ।

বিগত কে’বা বছৰ ধৰি বিদ্যালয়ৰ ‘স্মার্ট ক্লাছ’ক লৈ সমগ্ৰ দেশত আগ্রহ বৃদ্ধি পাইছে । যাৰ অর্থ, চক-ডাষ্টাৰৰ পৰিৱর্তে শীতাতপনিয়ন্ত্রিত ক্লাছৰুমত থাকিব ডিজিটেল ব’র্ড, কম্পিউটাৰ, প্রজেক্টৰসহ নানা ব্যৱস্থা । ব্লেক ব’র্ডত চকেৰে লিখোতে যি সময় লাগে, ডিজিটেল ব’র্ডত মাউছেৰ ক্লিকত মুহূর্ততে হৈ যায় । কিন্তু দেশৰ মাত্র ১৪.৯ শতাংশ বিদ্যালয়তহে আছে এই ব্যৱস্থা ।

অৱশ্যে বিদ্যালয়ত প্রাথমিকৰ পৰা উচ্চ মাধ্যমিক স্তৰ পর্যন্ত সকলো শ্রেণীতেই অনুসূচিত জাতি আৰু অনুসূচিত উপজাতিৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছে ২০২০-২১ শিক্ষাবর্ষত । প্ৰতিবেদন অনুযায়ী, এই সময়ৰ ভিতৰত অনুসূচিত শ্রেণীৰ শিক্ষাৰ্থীৰ সংখ্যা ৪.৭৮ কোটিৰ পৰা বাঢ়ি হৈছে ৪.৮৩ কোটি ।

অনুসূচিত উপজাতিৰ শিক্ষাৰ্থীৰ সংখ্যা ২.৪৯ কোটিৰ পৰা বাঢ়ি হৈছে ২.৫১ কোটি । বিদ্যালয়ত বৃদ্ধি পাইছে অন্যান্য অনগ্রসৰ শ্রেণীৰ (অ’বিচি) শিক্ষাৰ্থীৰ সংখ্যাও ।

Exit mobile version