Akshay Kumar : টুইঙ্কলক বিয়া কৰোৱাৰ পূৰ্বে অক্ষয়ৰ কোন ৫ অভিনেত্ৰীৰ সৈতে সম্পৰ্ক আছিল ?

Akshay Kumar :

বলীউড গ্লেমাৰ জগতত বিভিন্ন ধৰণৰ সম্পৰ্কৰ বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । মাজে-মাজে চ’ছিয়েল মিডিয়াতো বিভিন্ন সম্পৰ্কৰ গুঞ্জন ট্ৰেণ্ডিং হৈ থকা দেখা যায় । য’ত ভাইৰেল হয় বিভিন্ন তাৰকাৰ যুগ্ম ছবি ।

ভাইৰেল হয় বহু জনপ্ৰিয় তাৰকাৰ ব্যক্তিগত জীৱনৰ কথা । ব্যক্তিগত জীৱন ভাইৰেল হোৱা তেনে এজন তাৰকা অভিনেতা হৈছে অক্ষয় কুমাৰ । অনুৰাগীয়ে যাক বলীউডৰ খিলাড়ী বুলি আখ্যা দিছে ।

বৰ্তমান অক্ষয় কুমাৰে বলীউডৰ প্ৰথমজন চুপাৰষ্টাৰ ৰাজেশ খান্না আৰু ডিম্পল কাপাডিয়াৰ দুহিতা টুইঙ্কল খান্নাক বিয়া কৰাই সুখেৰে জীৱন অতিবাহিত কৰিছে । সম্প্ৰতি জনা গৈছে যে , টুইঙ্কলক বিয়া কৰোৱাৰ পূৰ্বে অক্ষয়-এ বহু অভিনেত্ৰীৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল । সেই তাৰকা অভিনেত্ৰীসকল হৈছে —-

ৰেখা : ১৯৯৬ চনত প্ৰবীণ অভিনেত্ৰী ৰেখাৰ সৈতে অক্ষয়ে ‘ খিলাড়ী কা খিলাড়ী ‘ ছবিখনত অভিনয় কৰিছিল । সেইসময়ত ৰেখা বলীউডৰ এগৰাকী অতি সুন্দৰী আৰু ভাল অভিনেত্ৰী আছিল । বহু অনুৰাগী ৰেখাৰ লাস্যময়ী ৰূপত বিভোৰ হৈ পৰা দেখা গৈছিল । তেনে সময়তে খিলাড়ী খ্যাত অক্ষয়ো ৰেখাৰ প্ৰেমত মচগুল হৈ পৰিছিল । দৰাচলতে এই ছবিখনত দুয়ো একাধিক অন্তৰঙ্গ দৃশ্যৰ শ্বুটিং কৰিছিল । এই ঘনিষ্ঠতাই দুয়োকে ওচৰ চপাই নিছিল । পিছত শুনা গৈছিল যে , এই ছবিখন ওলাই যোৱাৰ পিছতো দুয়ো একেলগে বহু ঠাইত ডেটিং কৰা অৱস্থাত ধৰা পৰিছিল ।

 ৰবীনা টেণ্ডন : অক্ষয় আৰু ৰবীনা ৯০ দশকৰ অন্যতম প্ৰিয় যুটি আছিল । ১৯৯৪ চনত ‘’ম’হৰা’ ছবিৰ শ্বুটিঙৰ সময়ত দুয়োজনৰ ঘনিষ্ঠতা বাঢ়ি ১৯৯৫ চনত দুয়ো মুকলিকৈ ডেটিং আৰম্ভ কৰিছিল । প্ৰায় তিনি বছৰ একেলগে থকাৰ পিছত অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে দুয়োৰে বিয়াৰ বাবে অপেক্ষা কৰিছিল যদিও অৱশেষত এই সম্পৰ্কৰ অন্ত পৰিছিল ।

 শিল্পা চেট্টী : এটা সময়ত অক্ষয়ে মোহময়ী অভিনেত্ৰী শিল্পা চেট্টীৰ লগতো ডেট কৰিছিল । যি খবৰ তৎকালেই মিডিয়াৰ যোগে বিয়পি পৰিছিল । যিহেতু সেই সময়ত অক্ষয়ে টুইঙ্কল খান্নাৰ লগতো সমানেই ডেট কৰি আছিল । যিটো কাৰণত শিল্পা চেট্টী আৰু খিলাড়ী কুমাৰৰ সম্পৰ্ক ইমানতেই ইতি পৰিছিল ।

 আয়েশা জুলকা : টুইঙ্কলক বিয়া কৰোৱাৰ পূৰ্বে অক্ষয়ে ৯০ দশকৰ অন্যতম অভিনেত্ৰী আয়েশা জুলকাৰ প্ৰেমত পৰিছিল । কিছুদিন এই খবৰে বলীউড ইণ্ডাষ্ট্ৰি গৰম কৰি ৰাখিছিল যদিও কম সময়ৰ ভিতৰতে দুয়োৰে মাজৰ এই সম্পৰ্ক অৱসান ঘটিছিল ।

পূজা বাত্ৰা : সেই সময়তে বলীউডত প্ৰৱেশ কৰা মডেল পূজা বাত্ৰাৰ প্ৰেমতো পৰিছিল অক্ষয় কুমাৰ । অৱশ্যে এই সম্পৰ্ক বেছিদিন নাথাকিল । এই খবৰৰ পিছতেই অক্ষয়-টুইঙ্কলৰ বিবাহ সম্পন্ন হয় ।

Exit mobile version