Anti Smog Gun Used To Curb Delhi Pollution : প্ৰদূষণ নিয়ন্ত্রণ কৰিবলৈ ৰাজধানীত ‘এন্টি স্মগ গান’ৰ ব্যৱহাৰ

pollution1664529133296

Anti Smog Gun Used To Curb Delhi Pollution :

বায়ুদূষণত বিধ্বস্ত ৰাজধানীৰ বাসিন্দা । দিল্লীৰ আশ-পাশৰ ৰাজ্যসমূহত শস্য জ্বলোৱাৰ বাবে প্রতি বছৰে দীপাৱলীৰ পাছৰ পৰা প্ৰদূষণৰ মাত্রা বৃদ্ধি পায় । এক বেচৰকাৰী বতৰ পর্যবেক্ষক সংস্থাই জনাইছে, শস্য যিসমূহ অঞ্চলত শস্য জ্বলোৱা হৈছে, তাৰ পৰা দিল্লীৰ দিশে প্রৱল বেগত বতাহ বলিছে । সেয়ে ক্রমে বৃদ্ধি পাইছে প্ৰদূষণ । প্ৰদূষণ নিয়ন্ত্রণৰ বাবে অভিনৱ ব্যবস্থাও গ্ৰহণ কৰিছে দিল্লী চৰকাৰে । শনিবাৰে পুৱা দিল্লীৰ পথত দেখা গ’ল ‘এন্টি স্মগ গান’ বহনকাৰী গাড়ী ।

কুতুব মিনাৰ অঞ্চলত গাড়ীখন পৰিলক্ষিত হয় । গাড়ীৰ পাছফালে ৰখা হৈছে ‘এন্টি স্মগ গান’ । এই যন্ত্রটোৰ পৰা বতাহত বাষ্পাকাৰত পানী ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে ।

শুকুৰবাৰে পুৱা ছয় বজাত দিল্লীত বায়ুৰ গুণমান সূচক (এয়াৰ কোৱালিটি ইনডেক্স)-ৰ মাত্রা ৪৫৩ আছিল । এই মাত্রা তিনিশৰ অধিক হ’লে বিপজ্জনক বুলি ধৰা হয় । চাৰিশৰ মাত্রা পাৰ হ’লে তাক ‘বিপজ্জনক’ বুলি ধৰা হয় । কিন্তু দিল্লীৰ জাহাংগিৰপুৰীত এই সূচকৰ মাত্রা ৪৮৫ । বিমানবন্দৰৰ আশ-পাশে এই সূচক ৪৫৩ ।

নয়ডাত সূচকৰ মাত্রা ৫৬২ আৰু গুৰুগ্রামত ৫৩৯ । অতিমাত্ৰা প্ৰদূষণৰ বাবে নয়ডাৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে । অষ্টম শ্রেণী পর্যন্ত বাধ্যতামূলকভাৱে অনলাইনত পাঠদান হ’ব । নৱমৰ পলা দ্বাদশ শ্রেণী পর্যন্ত শিক্ষাৰ্থীসকলক অনলাইনত পাঠদান কৰাৰ উপৰতেই গুৰুত্ব আৰোপ কৰা হৈছে ।

পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ ট্রাক চলাচলত বিভিন্ন বিধি-নিষেধ জাৰি কৰিছে দিল্লীয়ে । একমাত্র জৰুৰী সেৱাৰ স’তে জড়িত ট্রাকহে চলিব ৰাজধানীত । পৰিস্থিতি ইমানেই ‘ভয়াৱহ’ যে, শ্বাস লোৱাতো সমস্যা !

বায়ু প্ৰদূষণৰ প্ৰকোপত দিল্লীৰ একাধিক বাসিন্দাই অসুস্থ অনুভৱ কৰিছে । অনেকেই শ্বাসকষ্টত ভুগা বুলি দাবী কৰিছে । কোনোৰ আকৌ চকু জ্বলা ভাব আছেই । কোনোৰ কাহ-চৰ্দি ৰখা নাই । এনে পৰিস্থিতিত দিল্লীৰ বিভিন্ন হাস্পাতালত ৰোগীৰ ভিৰ ক্রমশ বাঢ়িছে ।

Exit mobile version