Delhi Pollution: কোনোৱে ভুগিছে শ্বাসকষ্টত, কাৰোবাৰ চকু জ্বলা ভাব

দিল্লীৰ প্ৰদূষণত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা

1667615045 delhi

Delhi Pollution :

দিল্লীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ । পৰিস্থিতি ইমানেই ‘ভয়াৱহ’ যে উশাহ লোৱাৰো কঠিন হৈ পৰিছে ! বায়ু প্ৰদূষণৰ ফলত দিল্লীৰ বহুতো বাসিন্দা অসুস্থ অনুভৱ কৰিছে।

বহুতে শ্বাসকষ্টত ভুগিছে বুলিও দাবী কৰিছে। আন কাৰোবাৰ আকৌ চকু জ্বলা অনুভৱ কৰিছে । কাৰো কাহ আৰু হাঁচি বন্ধ হোৱা নাই । এই পৰিস্থিতিত, দিল্লীৰ বিভিন্ন চিকিৎসালয়ত ৰোগীৰ ভিৰ বৃদ্ধি পাইছে।

প্ৰাপ্ত তথ্য অনুসৰি, এনে লক্ষণ থকা বহুতো ৰোগীয়ে দেৱালীৰ পৰা দিল্লীৰ চিকিৎসালয়সমূহত ভিৰ কৰি আহিছে। দিন যোৱাৰ লগে লগে, ৰোগীৰ সংখ্যা বাঢ়ি আহিছে। বৃহস্পতিবাৰে, দিল্লীৰ লোক নায়ক জয় প্ৰকাশ নাৰায়ণ চিকিৎসালয়ৰ বহিঃৰোগী বিভাগত ৰোগীৰ দীঘলীয়া শাৰীৰ ছবি দেখা পোৱা যায় ।

তথ্য অনুসৰি, অধিকাংশ ৰোগী শ্বাসকষ্টত ভুগিছে । কিছুলোকে দাবী কৰিছে যে তেওঁলোকে দীৰ্ঘদিন ধৰি কাহ আৰু হাঁচি হৈছে । দেখা গৈছে যে শিশু আৰু বৃদ্ধসকল তুলনামূলকভাৱে অসুস্থ হৈ পৰিছে।

বিশেষজ্ঞসকলৰ মতে, বেছিভাগ লোকে প্ৰদূষণৰ বাবে অসুস্থ অনুভৱ কৰিছে। সেইকাৰণে তেওঁলোকক ঘৰৰ বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিয়ে।

বিশেষকৈ ৰাতিপুৱাৰ সময়ত ঘৰৰ বাহিৰলৈ নোযোৱাৰ পৰামৰ্শ দিয়ে চিকিৎসকসকলে । একে সময়তে, প্ৰতিদিনে অধিক পাচলি খাবলৈও পৰামৰ্শ দিয়া হৈছে।

প্ৰসঙ্গত , দিল্লীত প্ৰদূষণৰ ফলত, বায়ুৰ মানদণ্ড প্ৰায় হ্ৰাস পাইছে। শনিবাৰে পুৱা, ৰাজধানীৰ বায়ুমান গুণমান সূচক ৪৩১। যাক ‘ভয়ানক’ বুলি বৰ্ণনা কৰা হৈছে। বিশেষজ্ঞসকলে অনুমান কৰে যে এই বায়ু দিল্লীৰ লোকসকলৰ শ্বাস লোৱাৰ বাবে উপযুক্ত নহয়।

বৃহস্পতিবাৰে, বায়ু গুণমান ব্যৱস্থাপনা আয়োগে দিল্লী-এনচিআৰত বায়ুৰ মানদণ্ড হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত চাৰি-স্তৰৰ ‘কাৰ্য পৰিকল্পনা’ ৰূপায়ণ কৰাৰ সিদ্ধান্ত লয়।

একাধিক বাহনৰ চলাচলৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও, শনিবাৰৰ পৰা সকলো প্ৰাথমিক বিদ্যালয় বন্ধ ৰখা হৈছে।

Exit mobile version