Drunk Man : সুৰাত মত্ত হৈ নাও চুৰ কৰিলে যুৱকে, সম্বিৎ ঘূৰি আহিল মাজ সমুদ্ৰত

WhatsApp Image 2022 11 05 at 20.34.46

Drunk Man :

পেটত দুটুপি গ’লে কোনো কোনোৱে ভাবে ‘বতাহ খাই আহো’ ! কাৰোবাৰ আকৌ মন যায় অলপ ‘ফুৰি আহিবলৈ’ ! তেওঁৰো মন গৈছিল । সেয়ে মুম্বাইৰ ভাছাই বন্দৰৰ পৰা এখন নাও চুৰ কৰি আৰৱ সাগৰৰ বুকত মেলি দিছিল ।

ইন্ধন আৰু নিচা, দুয়োটাই যেতিয়া শেষ হয়, তেতিয়া সম্বিৎ ঘূৰাই পায় যুৱকে । কিন্তু তেতিয়ালৈকে তেওঁ মাজ সমুদ্রত । উভতি অহাৰ উপায় নাই । ৩৬ ঘণ্টা পাছত মাজসমুদ্রৰ পৰা হেণ্ডকাফ পিন্ধাই তেওঁক পাৰলৈ ঘূৰাই আনে আৰক্ষীয়ে ।

বুধবাৰে পুৱতি নিশা ভাছাইৰ পৰা নাও লৈ পলাই গৈছিল বিকাশ নামে যুৱকজন । ৩৬ ঘণ্টা পাছত শুকুৰবাৰে সন্ধিয়া ২২০ কিলোমিটাৰ দূৰত ৰায়গড়ৰ শ্রীবর্ধন উপকূলৰ কাষত তেওঁক আটক কৰে আৰক্ষীয়ে । নাও চুৰিৰ অভিযোগত তেওঁক গ্রেপ্তাৰ কৰা হৈছে ।

বিষয়টো প্রথম দৃষ্টিত পৰে ‘ছাভ-পেদ্রু’ নামে নাৱৰ স্বত্বাধিকাৰী ফ্রান্সিছ দাম্বাৰৰ । বুধবাৰে পুৱা দেখে, ভাছাই বন্দৰত তেওঁৰ নাওখন নাই । আৰক্ষী চকীত খবৰ দিয়ে । নাও খনত তেতিয়া দুশ লিটাৰ ইন্ধন আছিল । প্রায় ৫০ লাখ টকা পণ্য আছিল ।

নাৱৰ স’তে নিৰুদ্দেশ বিকাশ । কিছুদিন পূৰ্বে বিকাশক কামত নিয়োগ কৰিছিল ফ্রান্সিছে । বিকাশ পালঘৰৰ এজন আদিবাসী যুৱক । আৰক্ষীয়ে তালাচী আৰম্ভ কৰে । ৰাজ্যৰ মৎস্যজীৱী সকলক সতর্ক কৰে ।

দক্ষিণ মুম্বাইৰ কিছুসংখ্যক মৎস্যজীৱী আৰক্ষীক জনায়, বুধবাৰে এখন নাও তেওঁলোকে কোংকণ উপকূলৰ দিশে যোৱা দেখিছিল । নাওখন যে ভাছাই বন্দৰৰ, সেই কথাও জনায় তেওঁলোকে ।

ভাছাই বন্দৰৰ নিজস্ব প্রতীক দেখি তেওঁলোকে চিহ্নিত কৰে । ইয়াৰ পাছতেই মাজ সমুদ্রত গৈ বিকাশ সহ নাওখন আটক কৰে আৰক্ষীয়ে । তাৰ পাছত তাত ইন্ধন ভৰাই ভাছাই বন্দৰলৈ উভতে ।

আৰক্ষীয়ে জনাইছে, বিকাশে আগতে দক্ষিণ মুম্বাইৰ এক বন্দৰত কাম কৰিছিল । সেয়ে এই সমুদ্রপথ তেওঁৰ পৰিচিত আছিল, সেয়ে নাও লৈ উধাও হৈছিল তেওঁ ।

Exit mobile version