Elon Musk Fake Pee Tweet : নিজৰ মূত্র সেৱন কৰিবলৈ টুইট ‘ইলন মাস্ক’ৰ ? ডিলিট অ্যাকাউন্ট !

8a7dd5e2 1082 4691 aedf 973eb6444298

Elon Musk Fake Pee Tweet :

টুইটাৰ অধিগ্রহণৰ আগৰ পৰাই বাকস্বাধীনতা সন্দৰ্ভত সৰৱ হৈছিল ইলন মাস্ক । অৱশ্যে সেই বাকস্বাধীনতাৰ ফলতেই এইবাৰ চৰম অস্বস্তিত পৰিল নতুন টুইট কর্তা । প্রাক্তন আমেৰিকান ফুটবলাৰ ক্রিছ ক্লুৱে নিজৰ একাউন্টৰ নাম ‘ইলন মাস্ক’ কৰি তাৰ পৰা নিজৰ মূত্র পান কৰাৰ বার্তা দি টুইট কৰিছিল । ইয়াৰ পাছতেই তেওঁৰ ভেৰিফায়েড একাউন্ট ডিলিট কৰি দিয়া হয় ।

ক্রিছ ৱাৰক্রাফ্ট নামক একাউন্টটোৰ নাম সলনি কৰি ‘ইলন মাস্ক’ কৰা হৈছিল । লগতে একাউন্টৰ ছবিতো মাস্কৰ সৰুকালৰ ছবি ব্যৱহাৰ কৰা হৈছিল । ইলন মাস্কৰ প্ৰকৃত একাউন্টতো সেই ছবি আছে । এই একাউন্টৰ পৰা টুইট কৰি লিখা হয়, ‘শোই উঠাৰ পাছত নিজেৰ সতেজ, গৰম প্রস্রাৱ সেৱন কৰাতকৈ ভাল একো হ’ব নোৱাৰে । দিন আৰম্ভ কৰিবৰ বাবে এইটো উত্তম উপায় । ই মস্তিষ্কৰ কোষ বৃদ্ধিত সহায় কৰে । সেয়া বৈজ্ঞানিকভাৱে প্রমাণিত । আপুনি যদি মোৰ দৰে হ’ব বিচাৰে, আপুনিও নিজৰ প্রস্রাৱ সেৱন কৰক ।’

এই বিতর্কিত টুইটৰ পাছতেই অনেকে সন্দেহ কৰে যে টুইটটো মাস্কে কৰিছে । পাছত অৱশ্যে প্ৰকৃত বিষয়টিঋও প্রকাশ্যত আহে । ইপিনে ক্রিছৰ একাউন্টটো ডিলিট কৰে টুইটাৰ কর্তৃপক্ষ‌ই । প্ৰাপ্ত তথ্য অনুসৰি, ক্রিছৰ একাউন্টৰ বাহিৰেও আন এটা ভেৰিফায়েড টুইটাৰ একাউন্টে ‘ইলন মাস্কে’ৰ নাম ব্যৱহাৰ কৰে । সেই একাউন্টটোও ডিলিট কৰা হয় ।

প্রসংগত, টুইটাৰ অধিগ্রহণ সম্পন্ন হোৱাৰ এক সপ্তাহৰ ভিতৰতে কে’বা হেজা কর্মী ছাটাই কৰাত বিতর্কত সাঙুৰ খাই পৰে ইলন মাস্ক । যদিও মাস্কে এই সিদ্ধান্তক ব্যৱসায়িক লেন্সত চাব বিচাৰে । আনহাতে, ভেৰিফায়েড একাউন্টত ব্লু টিকৰ বাবে মাহিলি আঠ ডলাৰ ‘ভাড়া’ ঘোষণা কৰাচ মাস্কৰ বিৰুদ্ধে মাত মাতিছে অনেকে । অনেকেই টুইটাৰ ব্যৱহাৰ কৰা বন্ধ কৰিছে ।

Exit mobile version