Fruit : এই পদ্ধতিত ফল খালে লাভৰ বিপৰীতে হ’ব পাৰে বিপদ !

cf9ae4e2 4e7f 48e9 a25f 53f96515b391

Fruit :

এই পদ্ধতিত ফল খালে লাভৰ বিপৰীতে হ’ব পাৰে বিপদ ! Fruit Diet কৰাৰ পূৰ্বে জানি লওক এইকেইটা গুৰুত্বপূৰ্ণ কথা —
ফল স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী যদিও ফল খোৱাৰ কিছুমান নিয়ম আছে । এই নিয়মৰ কথা নজনাকৈ বহুতে Fruit Diet কৰিবলৈ আৰম্ভ কৰে ।

Fruit Diet হৈছে এনে এটা বিষয় , য’ত কোনো এজন লোকে পুৱাৰ আহাৰ , দূপৰীয়াৰ আহাৰ , ৰাতিৰ আহাৰ , সকলোতে ফল খাবলৈ আৰম্ভ কৰে । এইক্ষেত্ৰত বিশিষ্ট পুষ্টিবিদ ৰীমাই কৈছে যে , প্ৰত্যেক সাজ আহাৰত ফল খালে বিপদ হ’ব পাৰে । অৰ্থাৎ ই স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক । আচলতে ফল খোৱাৰ নিৰ্দিষ্ট পদ্ধতি আছে ।

কিন্তু বহুত মানুহে এই প্ৰক্ৰিয়াক ভুলকৈ বুজি লৈ Fruit Diet কৰিবলৈ আৰম্ভ কৰে । ফলত মানুহজনৰ শৰীৰত ভয়ংকৰ সমস্যাই দেখা দিব পাৰে । বিভিন্ন ৰোগ বাঢ়ি যোৱাৰো আশংকাও আহিব পাৰে । গতিকে Fruit Diet কৰাৰ আগে সতৰ্ক হোৱাটো খুবেই দৰকাৰী ।

আমি মনত ৰখা উচিত যে , যিকোনো ফলতে এচিদ থাকে । এই এচিদ এটা মাত্ৰালৈকে শৰীৰক লাগে । এচিদৰ পৰিমাণ বাঢ়ি গলে শৰীৰৰ ভিতৰত না-না অসুবিধাৰ সৃষ্টি হ’ব পাৰে । এইক্ষেত্ৰত পুষ্টিবিদ ৰীয়াই কৈছে যে, যিকোনো ফলত কাৰ্বহাইড্ৰেট আৰু ফাইবাৰ খুব কম পৰিমাণত থাকে । আছে প্ৰোটিন আৰু ভাল চৰ্বি । যিটো কাৰণত Fruit diet কৰিলে বিভিন্ন সমস্যাৰো সৃষ্টি হ’ব পাৰে যিহেতু ফলত পুষ্টিৰ ভাৰসাম্যতা নাথাকে আৰু শৰীৰৰ বাবে অপুষ্টিকৰ হৈ উঠিব পাৰে ।

পুষ্টিবিদগৰাকীয়ে আৰু এইবুলিও কৈছে যে – যিকোনো আহাৰে বেছি সময় পেট ভৰাই ৰাখিলে সহজে ভোক নেলাগে । কিন্তু Fruit Diet কৰিলে সোনকালে ভোক লাগে আৰু সেইসময়ত যিকোনো অপুষ্টিকৰ আহাৰ খাবলগীয়া হয় । যিটো স্বাস্থ্যৰ পক্ষে খুবেই ক্ষতিকাৰক । পূৰ্বেই কোৱা হৈছে যে , ফলত প্ৰোটিন প্ৰায় নাথাকেই , এনে পৰিস্থিতিত শৰীৰৰ প্ৰোটিনৰ ঘাটি পূৰাবলৈ অন্য কোনো পৰিপূৰক আহাৰ গ্ৰহণ কৰিব লাগিব । দৈ, প্ৰোটিন পাউদাৰ , চিজ মাহজাতীয় বীজও ফলৰ লগত খোৱা উচিত।

আমাৰ শৰীৰত ফেট বা চৰ্বিৰো প্ৰয়োজন আছে । Fruit Diet সমান্তৰালকৈ ফেটজাতীয় খাদ্য যেনে- আখৰোট , কাঠবাদাম , পি-নাট বাটাৰ , চানফ্লাৱাৰ চিড আদিও খাব লাগিব । যি শৰীৰত প্ৰয়োজনীয় চৰ্বিৰ যোগান ধৰি থাকিব । ইয়াৰোপৰি ডায়েবেটিছ , ওজন বেছি থকা সমস্যা , হ’ৰমনৰ অসমতা আদি থাকিলে Fruit Diet নকৰাই ভাল । কৰিব খুজিলেও চিকিৎসকৰ পৰামৰ্শ লৈহে কৰিব লাগে ।

বি:দ্ৰ: এই প্ৰতিবেদনটো সচেতনতা বৃদ্ধিৰ বাবেহে যুগুত কৰা হৈছে । কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্ত আৱশ্যক ।

Exit mobile version