Ola-Uber : অ’লা-ওবেৰ প্ৰতিষ্ঠানৰ শোষণ-লুণ্ঠনৰ বিৰুদ্ধে মতঘৰীয়াৰ ৰাজপথত কেব চালকৰ উত্তাল প্ৰতিবাদ

বিনা চৰ্তত ১৫০০ কেব চালকৰ একাউণ্ট খুলি দিয়াৰ দাবী

Uber ola 1200x600 1

Ola-Uber :

অ’লা-ওবেৰ প্ৰতিষ্ঠানৰ শোষণ-লুণ্ঠনৰ বিৰুদ্ধে গুৱাহাটীত পুনৰ প্ৰতিবাদত নামিল কেব চালকসকল । মহানগৰীৰ মঠঘৰীয়াস্থিত উবেৰৰ কাৰ্যালয়ৰ সন্মুখত অ’লা-ওবেৰ কৰ্তৃপক্ষৰ মইমতালিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰা কেব চালকে আজি হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ ফেষ্টোন লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী কেব চালকসকলে অ’লা-ওবেৰ গ’ বেক, সতীৰ্থ ওবেৰ চালকৰ একাউণ্ট বিনাচৰ্তে খুলি দিয়ক, ওবেৰ কৰ্তৃপক্ষৰ মইমতালি নচলিব, পৰিবহণ বিভাগ হায় হায়, আমাক জীয়াই থাকিব দিয়ক, আমাৰ দাবী পূৰণ কৰক আদি শ্ল’গানৰে আকাশ-বতাহ মুখৰিত কৰি তোলে ।

কলকাতাৰ পৰা নিয়ন্ত্ৰিত অ’লা-ওবেৰ কৰ্তৃপক্ষই কোনো কাৰণ নোহোৱাকৈ হঠাৎ ১৫০০ কেব চালকৰ একাউণ্ট বন্ধ কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে প্ৰতিষ্ঠান দুটাই চালকসকলৰ ওপৰত চলোৱা শোষণ নীতি বন্ধ কৰা আৰু বন্ধ একাউণ্টসমূহ খুলি দিয়াৰ বাবে দাবী জনায় ।

আজিৰ এই প্ৰতিবাদত স্থলীত অংশগ্ৰহণ কৰি অল অসম কেৱ মজদুৰ সংঘৰ সভাপতি ৰূপাংকৰ তালুকদাৰ, উপ সভাপতি জয়ন্ত হাজৰিকাই চৰকাৰ তথা পৰিবহন বিভাগৰ লগত অ’লা-ওবেৰ কৰ্তৃপক্ষৰ মাজত গোপন বুজা-বুজি থকা বাবে কেব চালকসকলে দীৰ্ঘদিন ধৰি শোষণ আৰু বঞ্চনাৰ সন্মুখীন হৈ অহা বুলি অভিযোগ উত্থাপন কৰে ।

অ’লা-ওবেৰ কৰ্তৃপক্ষৰ চূড়ান্ত মইমতালীৰ বাবে বহু চালকে আত্মহত্যাৰ দৰে পথো বাছি ল’বলগীয়া হৈছে বুলি তেওঁলোকে ব্যক্ত কৰে । সেয়ে বহি:ৰাজ্যত এনে প্ৰতিষ্ঠানৰ দপদপনি বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে চালকসকলৰ বাবে নতুনকৈ এপ্ মুকলি কৰি দিয়াৰ বাবে আহ্বান জনায় ।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰতিবাদস্থলীত উপস্থিত হয় নুনমাটি থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) নিলোৎপল ডেকা । আৰক্ষী বিষয়াগৰাকীয়ে অল আছাম কেব মজদুৰ সংঘ আৰু অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ নেতৃবৃন্দৰ স’তে আলোচনাত মিলিত হৈ তেওঁলোকৰ সমস্যাসমূহ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি সমাধানৰ চেষ্টা চলোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পৰে ।

Exit mobile version