Omelette : ৯০ % মানুহে হয়তো নেজানে অমলেট আৰু মামলেটৰ পাৰ্থক্য কি ?

a64bf4c5 5f09 4aef a17f 5cc27bab46fe

Omelette :

মামলেট শব্দটো বহুতে হয়তো শুনিছে ! কিন্তু এই শব্দৰ অৰ্থ কি জানেনে ? মামলেট,অমলেট, প’চ আদি সুস্বাদু খাদ্যসমূহ কণীৰে ৰন্ধা হয় যদিও ইয়াৰ কিন্তু বেলেগ বেলেগ অৰ্থ আছে । ইংৰাজী অভিধানত মামলেট উচ্চাৰণৰ কোনো শব্দ নাই যদিও অমলেট শব্দটো অৱশ্যে অভিধানত পোৱা যায় ।

ইংৰাজী বানানৰ অমলেট (Omelet ), এই শব্দৰ অৰ্থ হ’ল কণী ভজা । উল্লেখ্য যে , এই শব্দটোৰ আন এটা বানানো আছে , সেইয়া হৈছে , Omelette । ইয়াৰে প্ৰথম শব্দটো আমেৰিকাত ব্যৱহাৰ কৰা হয় আৰু দ্বিতীয় শব্দটো ব্ৰিটেইন তথা ইউৰোপীয় দেশসমূহত ব্যৱহাৰ কৰা দেখা যায় ।

ইংৰাজী অভিধানত ইয়াৰ মামলেট শব্দটোৰ কোনো শব্দই উল্লেখ কৰা পোৱা নেযায় । আমি যি মামলেট শব্দৰ ব্যৱহাৰ কৰো , সেইটো সম্পূৰ্ণ ভুল ব্যৱহাৰ যদিও দীৰ্ঘদিনৰ পৰা প্ৰচলিত হৈ অহাৰ বাবে বৰ্তমানেও বহু লোকে মামলেট শব্দটো ব্যৱহাৰ কৰে । আকৌ বহুতে কণী ভজাকে কণীৰ মামলেট বুলিও কয় ।

যিটো বাস্তৱিকতে ভুল শব্দৰ প্ৰায়োগিকতা বুলি ক’ব পাৰি । মামলেট ভাজোতে সাধাৰণতে পিয়াজ আৰু কিছু পাচলি যোগ দিয়া হয়। কিন্তু অমলেটত কেৱল বিলাহী , কেপচিকাম আৰু চিজ ব্যৱহাৰ কৰা হয় । অমলেট মাখনত ভজা হয় । আচলতে অমলেট আৰু মামলেট এই দুটা শব্দৰ কোনো পাৰ্থক্য নাই । দুয়োবিধেই একে ধৰণে ৰন্ধা হয় ।

ধাৰণা কৰা অনুসৰি , কোনোবাই হয়তু ভুলবশত অমলেটৰ পৰিৱৰ্তে মামলেট বুলি ক’বলৈ আৰম্ভ কৰিছিল আৰু পিছত সেই শব্দটো প্ৰচলিত হৈ পৰিবলৈ ধৰে । যি শব্দৰ কোনো অৰ্থই পোৱা নাযায় । ব্যৱহাৰ কৰাজনে হয়তো ইংৰাজী অমলেট শব্দটোক ব্যঙ্গ কৰি মামলেট বুলি ক’বলৈ আৰম্ভ কৰে । তেনেক্ষেত্ৰত আমি আজি এটা কথা স্পষ্ট হ’লো যে , কণীৰ মামলেট বুলি কোনো শব্দ নাই । সৰ্বত্ৰে প্ৰচলিত অমলেটেই হৈছে প্ৰকৃত শুদ্ধ শব্দৰ ব্যৱহাৰ ।

Exit mobile version