Rats : ঘৰত উপদ্ৰৱ চলোৱা এন্দুৰৰ পৰা কেনেকৈ মুক্তি পাব ? জানিবলৈ পঢ়ক –

Do Onions Kill Rats How to Repel Them With Onion2

Rats :

এন্দুৰ মানেই উপদ্ৰৱ । কাপোৰ , কাগজ , বিভিন্ন সামগ্ৰী কুটি একাকাৰ কৰে এন্দুৰে । এন্দুৰৰ উৎপাতত অতিষ্ঠ হৈ মানুহে এন্দুৰ খেদিবলৈ মেকুৰী পোহা দেখা যায় । অৱশ্যেই বহুতে আকৌ মেকুৰী নিজৰ চখৰ কাৰণেও পোহে । এন্দুৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ বহুতেই না-না ধৰণৰ ঔষধ আদিও ব্যৱহাৰ কৰে । কিন্তু এনেধৰণে ঔষধ আদি ব্যৱহাৰ কৰাতো মুঠেই নিৰাপদ নহয় ।

বিশেষকৈ ঘৰখনত শিশু থাকিলে এই ধৰণৰ ঔষধ ব্যৱহাৰ অতিকে বিপদজনক কথা । তেনেক্ষেত্ৰত আজি আমি আপোনালোকক এন্দুৰ খেদাৰ সহজ পদ্ধতিৰ বিষয়ে উল্লেখ কৰিম । এন্দুৰে আলু খালেও পিয়াজৰ জ্বলা কিন্তু একেবাৰে সহ্য কৰিব নোৱাৰে । সেইয়েহে এন্দুৰৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ পিয়াজৰ ৰস ব্যৱহাৰ কৰিব পাৰি । পানীৰ লগত পিয়াজৰ ৰস মিহলাই ঘৰ মুচিলে এন্দুৰৰ উৎপাত হ্ৰাস পায় ।

অন্তত : সপ্তাহত দুই-তিনিবাৰ হ’লেও পিয়াজৰ ৰস মিহলাই ঘৰ মুচিব লাগে । এনে কৰিলে ঘৰৰ আশে-পাশেও এন্দুৰ আহিব নোৱাৰে । একেদৰে ৰন্ধন সামগ্ৰীৰ অন্যতম মচলা লঙৰ গোন্ধও এন্দুৰে ল’ব নোৱাৰে । এন্দুৰ ওলোৱা ঠাইত লং থেতালি, এখন কাপোৰত লগাই মুচি দিলে এন্দুৰ পলাই পত্ৰং দিব । নতুবা ঘৰখনত এন্দুৰ চলাচল কৰা ঠাইত লঙৰ মিশ্ৰণ থৈ দিলেও এন্দুৰ আহিব নোৱাৰে ।

একেদৰে বজাৰত উপলব্ধ হোৱা লং তেলো ব্যৱহাৰ কৰিব পাৰে । অৰ্থাৎ অলপ কপাহ লৈ কিছু পৰিমাণে লং তেল দি , ঘৰৰ চুকে-কোণে ৰাখি থলেও এন্দুৰৰ উপদ্ৰৱ কম হয় । স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী জালুকৰো তীব্ৰ গোন্ধ আছে । যাৰ গোন্ধ পোক-পৰুৱা , মকৰা, এন্দুৰ কোনেও সহ্য কৰিব নোৱাৰে । তেনেক্ষেত্ৰত জালুকৰ গুড়ি ঘৰৰ চুকে-কোণে পেলাই থলেও এন্দুৰ আহিব নোৱাৰে । অৱশ্যে ঘৰত শিশু থাকিলে ঘৰৰ ভিতৰত জালুকৰ গুড়ি দিব নালাগে । তাৰ পৰিৱৰ্তে ঘৰৰ চাৰিওফালে জালুকৰ গুড়ি চটিয়াই থলে এন্দুৰ ঘৰৰ আশে-পাশেও আহিব নোৱাৰে ।

Exit mobile version