Rohingya : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা সাত ৰোহিংগিয়াক গ্ৰেপ্তাৰ ত্ৰিপুৰাত

WhatsApp Image 2022 11 05 at 18.39.25

Rohingya :

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সাতজন ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক ত্ৰিপুৰা আৰক্ষীয়ে আটক কৰিছে ।  অনুপ্ৰৱেশকাৰীসকলে ত্ৰিপুৰাৰ সোনামুৰা সীমান্ত অতিক্ৰম কৰি বাংলাদেশৰ পৰা ভাৰতলৈ আহিছিল।

কিন্ত আগৰতলা-অসম ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়মীয়া তালাচি চকীত ত্ৰিপুৰা আৰক্ষীয়ে অনুপ্ৰৱেশকাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয় ।

ধৃত ৰোহিংগীয়া কেইজন হ’ল একবাল হুছেইন (৬০), আব্দুল গাফুৰ (৩০), আজিম উল্লাহ (২২), মোঃ জাহাংগীৰ আলম (২০), জানত আৰা (২১), সাদিয়া বেগম (১৯) আৰু দিলবাহাৰ বেগম (৪৫) বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে আৰক্ষীৰ জেৰাত ধৃত ৰোহিংগীয়া কেইজনে জাল নাগৰিকত্বৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি বেংগালুৰুত প্ৰৱেশ কৰাৰ লক্ষ্যৰে ত্ৰিপুৰাত প্ৰৱেশ কৰে ৷

Exit mobile version