Umiam Lake:মেঘালয়ৰ উমিয়াম হ্ৰদত ৰাইজিং ছান ৱাটাৰ ফেষ্টৰ সামৰণী অনুষ্ঠানত

অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

WhatsApp Image 2022 11 05 at 20.05.52

Umiam Lake:
চুবুৰীয় ৰাজ্য মেঘালয়ৰ উমিয়াম হ্ৰদত অনুষ্ঠিত হোৱা ৰাইজিং ছান ৱাটাৰ ফেষ্টৰ সামৰণী অনুষ্ঠানত আজি মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীজনে ভাষণত কয় যে, ভাৰতীয় সেনা বিশেষকৈ ইষ্টাৰ্ন কমাণ্ড আৰু গজৰাজ কৰ্পছ আৰু ৰেড হৰ্নছ ডিভিজনৰ আয়োজক দলটোক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। দেশৰ বিভিন্ন ক্লাব আৰু খেলুৱৈসকলক ৰয়িং আৰু ছেইলিং ৰেগাটাৰ বাবে একত্ৰিতকৰণ তথা তেওঁলোকৰ অংশগ্ৰহণ আৰু আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ প্ৰচেষ্টাক শলাগ লৈছোঁ।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে এই উৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশখনৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐতিহ্যৰ মনোমোহা প্ৰদৰ্শন দেখি আপ্লুত হয় আৰু সকলো প্ৰদৰ্শক আৰু শিল্পীক তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাই । উত্তৰ-পূৰ্বাঞ্চলত জল ক্ৰীড়াৰ জনপ্ৰিয়তা আৰু প্ৰচাৰৰ ক্ষেত্ৰত এক নতুন আৰম্ভণিৰ সূচনা হ’ব বুলিও ভাষণত উল্লেখ কৰে ৷

উল্লেখ্য যে উমিয়াম হ্ৰদত ৱাটাৰ ফেষ্টৰ এই উদ্বোধনী সংস্কৰণত ২২টা ক্লাবৰ পৰা প্ৰায় ২০০টাই প্ৰৱেশ পত্ৰ লাভ কৰে ৷

সমাপন অনুষ্ঠানত ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ, ইষ্টাৰ্ন কমাণ্ডৰ এয়াৰ মাৰ্শ্বাল সুজিত পুষ্পকৰ সৰকাৰ, এয়াৰ অফিচাৰ কমাণ্ডিং ইন চীফ, ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ লেফটেনেণ্ট জেনেৰেল ডি এছ ৰানা, জি অ’ চি ৪ কৰ্পছৰ মেজৰ জেনেৰেল এছ মুৰুগেছানৰ লগতে জি অ’ চি ২১ মাউণ্টেন ডিভিজনৰ জ্যেষ্ঠ বিষয়া বৰ্গ উপস্থিত থাকে।

Exit mobile version