Yuba Tablets:মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য, সোণাপুৰৰ টোল গেটত অৰ্তকিতে অভিযানত জব্দ ১৫ কোটি মূল্যৰ য়াবা টেবলেট

36c3e051 206d 434f b86a 4dd7a0f57de4 1

Yuba Tablets :

মহানগৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ গোপন সূত্ৰৰ পমখেদি অৰ্তকিতে চলোৱা অভিযানত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ৷ সোণাপুৰৰ নাজিৰাখাটৰ টোল গেটত এখন বাহনৰ পৰা জব্দ ৬০ হাজাৰ য়াবা টেবলেট। মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ আৰু সোণাপুৰ আৰক্ষীৰ দ্বাৰা জব্দকৃত য়াবা টেবলেট খিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৫ কোটি টকা৷

মণিপুৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল টেবলেটখিনি। আৰক্ষীয়ে DL-7CK-8778 নম্বৰৰ বাহনখনৰ স্পেয়াৰ টায়াৰ- চিট কভাৰৰ ভিতৰৰ পৰা তালাচি চলাই উদ্ধাৰ কৰে ড্ৰাগছ খনি৷ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত বাহন খনৰ চালক মহম্মদ আজমল খানক গ্ৰেপ্তাৰ কৰে৷ঘৰ মণিপুৰৰ থৌবাল জিলাত৷
ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version