Karbianglong : কাৰ্বি আংলং প্ৰৱেশ গেটত বৃহৎ চিণ্ডিকেটৰাজ

অত্যাধিক কৰ সংগ্ৰহক লৈ ৰানাইমা প্ৰৱেশ গেটত নিশা হুলস্থুলীয়া পৰিৱেশ,গেট এৰি পলায়ন গেট কৰ্মচাৰীৰ

WhatsApp Image 2022 11 06 at 18.58.55

Karbianglong :

অসম চৰকাৰে চিণ্ডিকেটৰাজ, দুৰ্নীতি আদিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি অৱলম্বন কৰি অহাৰ সময়তে কাৰ্বি আংলং প্ৰৱেশ গেটত বৃহৎ চিণ্ডিকেটৰাজ চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

কাৰ্বি আংলঙত ফুটুকাৰ ফেনত পৰিণত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ চিণ্ডিকেটৰাজ, দুৰ্নীতি আদিৰ বিৰুদ্ধে গ্ৰহণ কৰা শূণ্য সহনশীল নীতি। অত্যাধিক কৰ সংগ্ৰহক লৈ ৰানাইমা প্ৰৱেশ গেটত নিশা সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ।

ৰানাইমা প্ৰৱেশ গেটত লংকাৰ পৰা উমৰাংচ অভিমুখে যোৱা ছাই-কয়লাভৰ্তি ট্ৰাকৰ পৰা বলপূৰ্বকভাৱে ২০০-২৫০ টকাৰ পৰিবৰ্তে ৫০০-৬০০ টকা সংগ্ৰহ কৰাৰ চেষ্টাক লৈ সৃষ্টি হয় এই হুলস্থলীয়া পৰিৱেশৰ। অৱশ্যে ঘটনাৰ খৱৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰু ইয়াৰ পাছতেই দৃশ্যপট সলনি হয় ঘটনাস্থলীৰ।

কোনেও একো উমান নোপোৱাকৈ হঠাৎ অন্তৰ্ধান হৈ পৰে অৰ্থাৎ গেট এৰি পলায়ন  কৰে গেট কৰ্মচাৰী সকলে। আৰু তাৰ পাছৰে পৰা গেটৰ জৰিয়তে কৰ সংগ্ৰহ কৰা বন্ধ হৈ পৰে কাৰ্বি আংলঙৰ বিভিন্ন স্থানত স্থাপন কৰা গেট সমূহত। কিন্তু কিয় আৰু কাৰ নিৰ্দেশত দৰাচলতে ঘটনাৰ পাছৰে পৰা কৰ সংগ্ৰহ কৰা বন্ধ হৈ পৰে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে কাৰ্বি পৰিষদৰ চৰকাৰী পুঁজিৰ বাবে পৰিষদে জিলাখনৰ সীমান্তে সীমান্তে স্থাপন কৰিছে কেবাখনো প্ৰবেশদ্বাৰ তথা টেক্স-গেট । কাৰ্বি পৰিষদে গেট সমূহৰ জৰিয়তে কৰ সংগ্ৰহৰ বাবে নিৰ্ধাৰণ কৰি দিছে এখন কৰৰ তালিকা আৰু তালিকা অনুসৰি কৰ সংগ্ৰহ কৰিব লাগে যাত্ৰীবাহী বাছ, ট্ৰাক আদিৰ পৰা ১০ টকা, অটো-ৰিক্সা, ভেন, পশুধন আদিৰ বাবদ ৫ টকা, ২ টকা আৰু ১ টকা।

কিন্তু গুৰুত্বপূৰ্ণ যে দীৰ্ঘদিনৰ পৰা এই টেক্স-গেটসমূহত কৰ সংগ্ৰহৰ নামত গেটত থকা গেট কৰ্মচাৰীয়ে দাবী-ধমকিৰে বাহন আদিৰ পৰা ৫০ টকাৰ পৰা প্ৰায় ১২০০ টকা পৰ্য্যন্ত কৰ সংগ্ৰহ কৰি আহিছে বুলি এক অভিযোগ উত্থাপিত হৈছে ।

কিন্তু প্ৰশ্ন হ’ল চিণ্ডিকেটৰাজৰ বিৰুদ্ধে জিলা প্ৰশাসন, কাৰ্বি পৰিষদ চৰকাৰ আৰু অসম চৰকাৰে লবনে বাৰু ইয়াৰ বিহীত ব্যৱস্থা সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হব।

Exit mobile version