Nhpc Fire :নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন !

WhatsApp Image 2022 11 06 at 15.00.46

Nhpc Fire :
বিপদে যেন লগ নেৰা হৈছে গোগোমুখৰ এন এইছ পি চিৰ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷ ইটোৰ পিছত সিটোকৈ সংঘটিত হোৱা অঘটনৰ পিছত এইবাৰ প্ৰকল্পটোত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷

প্ৰকল্পটোৰ চৌহদত থকা দুটা প্ৰকাণ্ড ডি জি হঠাৎজ্বলি উঠাৰ পিছতে জুই শিখাই তৎক্ষণাৎ আগুৰি ধৰে মুল চৌহদৰ যান্ত্ৰিক গৃহ ৷

দপদপাই জ্বলি উঠা অগ্নিকাণ্ডৰ পিছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্ৰকল্পটোত সেই সময়ত ব্যস্ত শ্ৰমিক-কৰ্মচাৰী ভয়ত লৰাঢপৰা লাগে ৷

পিছত অগ্নিনিৰ্বাপক বাহিনীৰ বহু কেইখন গাড়ীয়ে অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য কিছুদিন পূৰ্বে প্ৰকল্পস্থলীত পাহাৰ খহি ভয়াৱহ ভূমিস্খলন সংঘটিত হোৱাৰ লগতে ধাৰাসাৰ বৰষুনৰ ফলত সোৱনশিৰি নৈ উফন্দি উঠাত প্ৰকল্প মুল টাৰ্মিনেলৰ ওপৰেৰ পানী বাগৰিছিল ৷

একেদৰে বাঢ়নী পানীয়ে টাৰ্মিনেলৰ গাৰ্ড ৱাল পৰ্যন্ত ভাঙি এক পেলাইছিল ৷ যাৰবাবে শংকিত হৈ পৰিছিল নৈ পৰীয়া ৰাইজ ৷

Exit mobile version