Train Blocked : সদৌ অসম কোচ-ৰাজবংশী সন্মিলনৰ ৰে’ল অৱৰোধ ৰূপায়ণ

 শ্ৰীৰামপুৰৰ ৰে'ল পথত অৱস্থান পিকেটিংকাৰীৰ

1c61e83d 6b29 42f7 80f0 9e8079238de6

Train Blocked :

ৰাজ্যৰ বৃহৎ জনগোষ্ঠী কোচ-ৰাজবংশী সম্প্ৰদায়ৰ জনজাতীকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্বআৰোপ নকৰাত আজি সদৌ অসম কোচ-ৰাজবংশী সন্মিলনে ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ পৰে ৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোবা কাৰ্যসূচী দুপৰীয়া ১ টা বজাত অন্ত পৰে ৷

উল্লেখ্য আজি পুৱতি নিশাৰে পৰা অসম – পশ্চিমবংগ সীমান্তৱৰ্তী কোকৰাঝাৰৰ জিলাৰ শ্ৰীৰামপুৰত বহু অৱৰোধকাৰী ৰে’ল পথৰ ওপৰত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে অৱৰোধস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ প্ৰতিবাদ কৰাত বাধাআৰোপ কৰে পিকেটিং কাৰীক৷কেইবা ঘন্টাজোৰা ৰে’ল অৱৰোধৰ ফলত উজনি আৰু নামনিমুৱা বহু ৰে’ল দাঁতিকাষৰীয়া ষ্টেচনত ৰ’বলগীয়া ৷ ফলত ব্যাহল ৰে’ল চলাচল ৷ অৱশ্যে ১ টা বজাৰ পিছত পিকেটিং কাৰী সকল ৰে’ল পথ ত্যাগ কৰাৰ পিছত ৰে’ল চলাচল আৰম্ভ হয় ৷

Exit mobile version