Assam Assembly : অসম বিধানসভাৰ কৰ্মচাৰী আৰু সাংবাদিকৰ বাবে অধ্যক্ষৰ ড্ৰেচ কোড

a...................

Assam Assembly :

অসম বিধানসভাৰ কৰ্মচাৰীৰ বাবে ড্ৰেচ কোড জাৰি কৰা হৈছে৷ এতিয়াৰ পৰা কৰ্মচাৰী সকলে কৰ্তব্যৰত অৱস্থাত জিন্স,টি চাৰ্ট আৰু লেংগিছ পিন্ধি আহিব নোৱাৰিব৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিদৰ্শনা অনুসৰি গৃহিত কৰা হৈছে এই নিয়ম ৷ নতুন নিয়ম অনুসৰি বিধানসভাৰ পুৰুষ কৰ্মচাৰী সকলে আনুষ্ঠানিক পোছ পৰিধান কৰাৰ বিপৰীতে মহিলা কৰ্মচাৰীয়ে পৰম্পৰাগত সাজ পৰিধান কৰিব লাগিব ৷

নতুত নিদৰ্শনাটোত এইটোও কোৱা হৈছে যে বিধানসভাৰ অধিবেশন চলি থকা সময়ছোৱাত পুৰুষ- মহিলা সকলো কৰ্মচাৰীয়েই আনুষ্ঠানিক সাজ- পোছাক পৰিধান কৰাৰ লগতে বিধানসভাৰ অধিবেশনত নিউজ কভাৰেজৰ বাবে অহা সাংবাদিকেও পিন্ধিব লাগিব আনুষ্ঠানিক সাজ-পোছাক ৷ অৱশ্যে অসমৰ বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত সাজ- পোছাক পিন্ধিব পাৰিব বিধানসভাৰ কৰ্মচাৰী সকলে ৷

উল্লেখ্য যে সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনত অসমৰ সকলো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে প্ৰতি মাহৰ প্ৰথম আৰু তৃতীয় শনিবাৰে ধূতি – কুৰ্তা(পুৰুষ) আৰু মেখেলা – চাদৰ(মহিলা) পিন্ধাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল ৷সেই অনুসৰি কেইমাহমান এই নিয়মমানি সকলোৱে পিন্ধি কাৰ্যালয়লৈ আহিছিল ৷কিন্ত পৰৱৰ্তী সময়ত এইয়া আৰু দেখা পোৱা নগ’ল ৷ শেহতীয়াকৈ বিধানসভাৰ অধ্যক্ষই বিধানসভা কৰ্মচাৰীৰ বাবে যি ড্ৰেচ কোড জাৰি কৰিছে সেইয়া পৰৱৰ্তী সময়ত কিমানদূৰ কাৰ্যকৰী হয় সেইয়া লক্ষণীয় হ’ব ৷

Exit mobile version