Coronavirus Update : কৰ’না মুক্তৰ পথত আগবাঢ়িছে দেশ

Corona Patient

Coronavirus Update :

ক্ৰমান্বয়ে কৰ’না মুক্তৰ পথৰ দিশে আগবাঢ়িছে দেশ । দেওবাৰৰ পাছত , সোমবাৰে আক্ৰান্তৰ সংখ্যা হ্ৰাস পায়। বিগত ২৪ ঘণ্টাত এক হেজাৰৰো কম সংক্ৰমিত হৈছে। স্বাভাৱিকতে, দেশৰ নিম্নমুখী ক’ভিড গ্ৰাফে সকলোকে সকাহ প্ৰদান কৰিছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত, দেশত ৯৩৭ জন লোক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। সেয়া দেওবাৰৰ তুলনাত সামান্য কম।

এতিয়ালৈকে, দেশত মুঠ সংক্ৰমিত লোকৰ সংখ্যা চাৰি কোটি ৪৬ লাখ ৬১ হেজাৰ ৫১৬ লৈ বৃদ্ধি হৈছে। সংক্ৰমিত ৰোগীৰ লগতে, সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন অনুসৰি, ভাৰতত এদিনতে কৰ’নাত ন জন লোকে প্ৰাণ হেৰুৱাইছে। দেশত এতিয়ালৈকে ক’ভিড-১৯ ৰ ফলত হোৱা মুঠ মৃত্যুৰ সংখ্যা হৈছে পাঁচ লাখ ৩০ হেজাৰ ৫০৯ । মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজত সমগ্ৰ দেশতে সুস্থতাৰ হাৰও বৃদ্ধি পাইছে।

Exit mobile version