Delhi Pollution : হ্ৰাস পাইছে প্ৰদূষণ, বুধবাৰৰ পৰা দিল্লীত মুকলি হ’ব বিদ্যালয়

pollution afp

Delhi Pollution :

দিল্লীৰ বতাহত প্ৰদূষণৰ পৰিমাণ কিছু হ’লেও কমিছে । সেয়ে বুধবাৰৰ পৰা মুকলি হ’ব ৰাজধানীৰ সকলো প্রাথমিক বিদ্যালয় । চৰকাৰী দপ্তৰৰ ৫০ শতাংশ কর্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ নির্দেশো বাতিল কৰা হৈছে । সোমবাৰে ঘোষণা কৰিলে দিল্লীৰ পৰিৱেশমন্ত্রী গোপাল ৰায়ে । দিল্লীৰ লগতে নয়ডাৰ বিদ্যালয়ো আৰম্ভ হ’ব বুধবাৰৰ পৰা ।

সোমবাৰে মন্ত্রী ৰায়ে কয়, ‘‘দিল্লীৰ চৰকাৰী কর্মচাৰীসকলৰ ঘৰৰ পৰা কাম কৰাৰ নির্দেশ বাতিল কৰা হৈছে । সোমবাৰৰ পৰা সকলো চৰকাৰী কর্মচাৰীয়ে দপ্তৰত আহি কাম কৰিছে ।’’ ৰাষ্ট্ৰীয় ঘাইপথ, পথ, উৰণীয়া সেঁতু নির্মাণৰ ওপৰত যি নিষেধাজ্ঞা আছিল, সেয়াও তুলি ৰৈছে দিল্লী চৰকাৰে । একমাত্র বেচৰকাৰী নির্মাণত এতিয়াও নিষেধাজ্ঞা জাৰি আছে ।

সোমবাৰে পুৱাও দিল্লীত বতাহৰ গুণমান সূচক (এয়াৰ কোৱালিটি ইনডেক্স) ‘অতি শোচনীয়’ আছিল । বিগত তিনি দিন এই সূচক ‘অতি ভয়াৱহ’ আছিল । সোমবার তা একটু ভাল হলেও সকালে এই একিউআইয়ৰ মাত্রা আছিল ৩৫২ । চহৰৰ ভিতৰত সম্প্ৰতি পণ্যবাহী ট্রাক প্রৱেশৰো অনুমতি দিছে চৰকাৰে । প্ৰদূষণৰ বাবে বিগত কিছুদিন স্থগিত আছিল ।

প্রসংগত, বতাহৰ গুণমানৰ সূচক ৩৫১ৰ পৰা পাঁচশৰ ভিতৰত থাকিলে বতাহৰ মান ‘ভয়াৱহ’ বুলি কোৱা হয় । পাঁচশ অতিক্ৰম কৰিলে ই ‘অতি ভয়াৱহ’ হৈ পৰে । গুণমানৰ এই সূচক নির্ভৰ কৰে বতাহত থকা সূক্ষ্ম ধূলিকণাৰ পৰিমাণ (পিএম-১০) আৰু অতি সূক্ষ্ম ধূলিকণাৰ পৰিমাণ (পিএম ২.৫)-ৰ ওপৰত । কার্যত কোনো অঞ্চলত প্রতি ঘনমিটাৰ বতাহত পিএম ২.৫-ৰ উপস্থিতিৰ হাৰ সেই অঞ্চলৰ বতাহৰ গুণমানৰ সূচক ।

Exit mobile version