Dispur : দিছপুৰত চাঞ্চল্যকৰ ডকাইতি ঘটনা

দুৰ্বৃত্তই ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন

WhatsApp Image 2022 11 07 at 16.32.01

Dispur :

মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ ৷ স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেঞ্জ দি সোমবাৰে দিন দুপৰতে এগৰাকী শিক্ষয়িত্ৰীক অচিনাক্ত দুৰ্বৃত্তই বন্দুক আৰু চুৰি দেখুৱাই ডিঙিৰ পৰা কাঢ়ি নিয়ে এডাল সোনৰ চেইন ৷ ভুক্তভোগী শিক্ষয়িত্ৰী গৰাকীৰ নাম ৰীতা কলিতা ৷

উল্লেখ্য যে নিজ সন্তানক স্কুলত থবলৈ গৈ থকা পথত হেঙেৰাবাৰীস্থ কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই ঘটনা ৷সন্দেহ কৰা মতে বাইকেৰে শিক্ষয়িত্ৰী গৰাকীক অনুকৰণ কৰিছিল দুৰ্বৃত্তৰ দলে ৷

দুৰ্বৃত্তৰ দলে সংঘটিত কৰা এই কাৰ্য চিচিটিভি কেমেৰাত বন্দী হৈছিল৷ইতিমধ্যে দিছপুৰ আৰক্ষী উপস্থিত হৈ চিচিটিভি দৃশ্যাংশৰ ফুটেজ সংগ্ৰহ কৰি দুৰ্বৃত্তৰ সন্ধানত অভিযান চলাইছে যদিও দুৰ্বৃত্তৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

দিছপুৰ ৰাজধানী চৌহদৰ পৰা মাত্ৰ কিছু নিলগত দিন দুপৰতে সংঘটিত হোৱা এই কাৰ্যই পুনৰ এবাৰ উদঙালে দিছপুৰ আৰক্ষীৰ চৰম ব্যৰ্থতা ৷

Exit mobile version