Egg : ডিব্ৰুগড়ৰ লাহোৱালৰ ৰাংলিটিঙত অদ্ভূত আকাৰৰ কুকুৰাৰ কণীক লৈ চাঞ্চল্য

WhatsApp Image 2022 11 07 at 20.27.38

Egg :

এটা আশ্চৰ্যকৰ পৰিঘটনা ! যিটো ঘটনাৰ প্ৰভাৱ প্ৰতিক্ৰিয়া বিশেষ ন’হলেও কিন্তু কুকুৰা পালকৰ লগত জড়িত লোকসকলে ভাবিবলগীয়া এটা ঘটনা ।

ডিব্ৰুগড় লাহোৱাল সমষ্টিৰ ৰাংলিটিং চাহ বাগিছাৰ চিকিৎসালয়ৰ এগৰাকী চিকিৎসাকৰ্মীৰ ঘৰতে সংঘটিত হৈছে এই আজৱ ঘটনা ৷ ৰাংলিটিং চাহ বাগিছাৰ হাস্পতালত কৰ্মৰত খুলদা গগৈ বৰপাত্ৰ নামৰ চিকিৎসাকৰ্মীগৰাকীৰ ঘৰত কুকুৰাই কেইদিনমানৰ পৰা পাৰি আহিছে অদ্ভূত আকাৰৰ কণী । কণীবিলাকৰ আকাৰ আৰু আকৃতি আন স্বাভাৱিক কুকুৰাতকৈ বহু বেলেগ ৷ কুকুৰাৰ কণীৰ আকাৰ আকৃতি চাই গৃহস্থৰ লগতে আনলোকে কণীকেইটা প্ৰত্যক্ষ কৰাৰ বাবে ভীৰ কৰিছেহি ।প্ৰতিটো কণী প্ৰায় তিনিটা কণীৰ সমান হোৱাৰ লগতে দীঘলীয়া আকৃতিৰ ।

স্বাভাৱিকতে কণীৰ আকৃতি চাই সচকিত হ’লেও কিন্তু কুুকুৰা পালকসকলে কি কাৰণত আচলতে কুকুৰাই এনেধৰণৰ কণী পাৰে সেই লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

পশু চিকিৎসক ড° কে, এন গগৈয়ে জানিবলৈ দিয়া মতে, কুকুৰাই কেলচিয়াম আৰু ফছফৰাছৰ অভাৱতেই এনেকুৱা আকৃতিৰ কণী পাৰে । আনহাতে, স্বাভাৱিক অৱস্থাতো কুকুৰাই কেতিয়াবা এনেধৰণৰ কণী পাৰে ৷ ইয়াকে লৈ কুকুৰা পালকসকলে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই বুলিও চিকিৎসকজনে অৱগত কৰিছে ।

ইতিমধ্যে এই ঘটনা বিয়পি পৰাৰ লগে লগে কুকুৰা আৰু কণী প্ৰত্যক্ষ কৰাৰ বাবে ঢাপলি মেলিছে অনেকে ।

Exit mobile version