Everest Climbers : অৰুণাচল প্রদেশৰ নিখোজ পর্বত আৰোহী চীনত বন্দী হৈ থকাৰ সন্দেহ

arunachal

Everest Climbers :

অৰুণাচল প্রদেশৰ সর্বোচ্চ তুষাৰাবৃত শৃংগ ‘খিয়াৰি ছাটাম’ অভিযানত যোৱাৰ পাছৰ পৰা নিখোজ হৈ আছে এভাৰেষ্ট বিজয়ী পর্বতআৰোহী তাপি ম্রা আৰু তেওঁৰ সহযোগী নিকু দাও । নিখোজ পর্বত‌ আৰোহীসকল চীনা সেনাৰ হাতত বন্দী হৈ থকা বুলি উদ্বেগ প্রকাশ কৰিছে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ।

‘খিয়াৰি ছাটাম’ অভিযানত গৈ আগষ্টৰ পৰা সন্ধানহীন তাপি আৰু নিকু । নিখোজ পর্বত‌ আৰোহীসকলৰ সন্ধান অভিযানত যোৱা অল টেগিন ষ্টুডেন্টছ ইউনিয়ন (এটিএছইউ)-ও একেই ধৰণৰ শংকা প্রকাশ কৰিছে । এটিএছ‌ইউ-ৰ তৰফৰ পৰা জনোৱা হৈছে, পূৱ কামেং জিলাৰ সর্বোচ্চ শিখৰ ‘খিয়াৰি ছাটাম’-ৰ উচ্চতা প্রায় ৬,৯০০ মিটাৰ । এই শৃংগ ভাৰত আৰু চীনত থকা তিব্বতীয় অঞ্চলৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি) । সেয়ে তাপি আৰু নিকু যে চীনা সেনাৰ হাতত বন্দী নাই, সেই সম্ভাৱনা নুই কৰিব নোৱাৰি ।

দুই পর্বত‌ আৰোহীক বিচাৰি অনাৰ দাবীত তেওঁলোকৰ পৰিয়ালবৰ্গই অৰুণাচল প্রদেশৰ ৰাজধানী ইটানগৰৰ ইন্দিৰা গান্ধী পার্কত বিগত সাত দিন ধৰি ধৰ্ণা অব্যাহত ৰাখিছে । পৰিয়ালৰ সদস্যসকলৰ দাবী, নিখোজ পর্বত‌ আৰোহীসকলক জীৱিত বা মৃত অৱস্থাত ঘূৰাই আনিব লাগিব চৰকাৰে । কিন্তু অৰুণাচল প্রদেশৰ চৰকাৰে তেওঁলোকক ঘূৰাই অনাৰ বিষয়ত উদাসীন বুলিও পৰিয়ালৰ সদস্যসকলৰ আক্ষেপ প্রকাশ কৰিছে ।

তেওঁলোকে আৰু জনাইছে, অৰুণাচল প্রদেশৰ পেমা খাণ্ডু চৰকাৰে কেন্দ্র‌ই বেইজিঙৰ স’তে এই বিষয়ত যোগাযোগ কৰাৰ সন্দৰ্ভত আলোচনা কৰা উচিত । তাপি আৰু নিকু পথভ্রষ্ট হৈছে নে চীনৰ পিপলছ লিবাৰেছন আর্মি (পিএলএ)-ৰ হাতত বন্দী হৈছে সেই বিষয়েও কেন্দ্রৰ তৰফৰ পৰা সন্ধান চলোৱা উচিত বুলি পৰিয়ালৰ দাবী ।

এই বিষয়ত এটিএছইউ সভাপতি তাদাক পাকবাই কয়, “পিএলএ-য়ে সম্ভৱত এলএচি-ৰ পয়া দুই পর্বত আৰোহীক অপহৰণ কৰিছে । তাপি আৰু নিকু চীনত বন্দী হৈ আছে যদি আমি কেন্দ্রীয় চৰকাৰক সেই দেশৰ চৰকাৰৰ স’তে যোগাযোগ কৰিবৰ বাবে আবেদন জনাইছো ।’’

Exit mobile version