Maoist Leader Arrested : দুৰ্ধৰ্ষ মাওবাদী কাঞ্চনদাৰ পিছত পুনৰ আটক হ’ল আন এজন মাওবাদী

kkk

Maoist Leader Arrested :

অসম আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত আটক কৰিলে এজন দুৰ্ধৰ্ষ মাওবাদী নেতাক ৷ ধৃত নেতাজনৰ নাম ধৰিত্ৰী শৰ্মা ৷

অসম আৰক্ষীৰ অপৰাধ শাখাই শিলচৰ আৰক্ষীৰ সহযোগত শিলচৰ চহৰত অভিযান চলাই দুৰ্ধৰ্ষ মাওবাদী নেতাজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে কেইমাহমান পূৰ্বে আৰক্ষীয়ে আটক কৰিছিল দুৰ্ধৰ্ষ মাওবাদী নেতা কাঞ্চনদাক ৷ শেহতীয়াকৈ ক্ৰাইম বাঞ্চে আটক কৰা ধৰিত্ৰী শৰ্মা কাঞ্চনদাৰ অন্যতম সহযোগী আছিল ৷

ইতিমধ্যে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে শিলচৰৰ পৰা গুৱাহাটীলৈ অনাৰ পিছত জ্যেষ্ঠ আৰক্ষী বিষয়াই অব্যাহত ৰাখিছে মাৰাথন জেৰা ৷

Exit mobile version