Cid operation : বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগত

গ্ৰেপ্তাৰ দৰংৰ এ এছ পি ৰূপম ফুকন

21e87128 5304 4b9b 8e98 e647fb27fb0f

Cid operation :

এছ এছ বি জোৱানৰ বাসগৃহত বনকৰা আদিবাসী কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন ৷

উল্লেখ্য যে ধুলাৰ এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱাৰ বাসগৃহত বনকৰা হিচাপে নিয়োজিত থকা ঢেকীয়াজুলিৰ আদিবাসী কিশোৰী এগৰাকী চলিত বৰ্ষৰ এক আগষ্টত ৰহস্যজনক মৃত্যু হয় ৷

এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি ধুলা আৰক্ষী থানাত কিশোৰী গৰাকীৰ দুৰ্ভগীয়া পৰিয়ালে দিছিল গোচৰ ৷ কিন্ত গোচৰটো গাপ দি এই ঘটনাৰ স’তে সাঙোৰ খোৱা এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱাৰ পৰা ধুলা থানাৰ অ’চি উৎপল বৰুৱাই ঘোচ লৈ গোচৰটো গাপ দিয়াৰ বাবে উঠিপৰি লাগে ৷ উল্লেখ্য সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিচতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ স’তে উপস্থিত হৈছিল দুৰ্ভগীয়া কিশোৰী গৰাকীৰ ঢেকীয়াজুলিৰ বাসগৃহ ৷ পিতৃ- মাতৃ আৰু স্থানীয় লোকৰ সৈতে কৰিছিল মতবিনিময় ৷

মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপৰ পিচতে কঠোৰ হৈ পৰিছিল আৰক্ষী সঞ্চালক প্ৰধান ৷মুখ্যমন্ত্ৰীয়ে গোচৰটো চিআই ডিক দিবলৈ নিৰ্দেশনা জাৰি কৰাৰ লগতে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ দৰংৰ এছ পিক নিলম্বন কৰিবলৈ ডিজিপি নিৰ্দেশ দিয়ে ৷

আনহাতে চি আই ডিয়ে গোচৰটো লৈ ব্যাপক তৎপৰতাৰে তদন্ত আৰম্ভ কৰি ইতিমধ্যে আটক কৰা ঘটনাৰ অন্যতম অভিযুক্ত এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱা৷

চিআই ডিয়ে মাৰাথন তদন্তৰ অন্তত পোহৰলৈ আহে বহু বিস্ফোৰক তথ্য কিশোৰী গৰাকীৰ মৃত্যুৰ ঘটনাৰ স’তে জড়িত থকা কৃষ্ণকমল বৰুৱাক ৰক্ষনাবেক্ষণ দিয়াৰ বাবে ধুলা থানাৰ অ’চি উৎপল বৰাই লৈছিল পাঁচলাখ টকা ৷
এই অভিযোগৰ ভিত্তিত বৰ্তমান খাৰুপেটীয়া থানাত নিয়োজিত হৈ থকা উৎপল বৰাক পহিলা নৱেম্বৰত চিআই ডিয়ে গ্ৰেপ্তাৰ কৰে৷

তাৰ পিছতো তদন্ত অব্যাহত ৰাখি চি আই ডিয়ে কালি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা:অৰুণ ডেকা,ডা:অনুপম শৰ্মা আৰু অজন্তা বৰদলৈক ৷ ধৃত তিনি চিকিৎসকে মৰনোত্তৰ প্ৰতিবেদনত আসোঁৱাহ কৰাৰ তথ্য তদন্তত ধৰা পেলাইছিত চি আই ডিয়ে ৷

দেওবাৰে তিনিও চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে দৰংৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ পৰা যোৱা চি আই ডি দলে ৷ আটকাধীন আটাইকেইগৰাকীৰ বিৰুদ্ধে চিআইডিয়ে ২০/২০২২ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ইউ এছ১২০(বি)/৪২০/২১৮ ত গোচৰ ৰজু কৰিছে ৷

Exit mobile version