Delhi Pollution : প্ৰদূষণত ঢকা দিল্লীৰ আকাশত দেখা গ’ল ‘ইউএফঅ’!

WhatsApp Image 2022 11 08 at 17.37.28

Delhi Pollution :

“আৰে ভাই ! দিল্লীৰ আকাশত ‘ইউএফঅ’ ঘূৰিছে !” বন্ধুৰ পৰা হোৱাটছ‌এপ মেছেজ পাই আচৰিত হৈছিল যুৱক । প্ৰদূষণত দিল্লীৰ আকাশ ধোঁৱলি-কোঁৱলি হৈ আছিল ।

প্ৰদূষণক লৈ সমগ্ৰ ৰাজধানী বিধ্বস্ত, হৈ থকাৰ সময়তে বন্ধুৰ পৰা এই অপ্রত্যাশিত বার্তা পাই বিশ্বাস কৰিব পৰা নাছিল যুৱকজন । উলোটাই তেওঁক কথা শুনাইছিল । কিন্তু লগতে, তেওঁৰ মনত এটা কৌতুহলো আৰম্ভ হৈছিল ।

সঁচাকৈ দিল্লীৰ আকাশত ‘ভিন্‌গ্রহী’ ঘূৰিছে নেকি ? যুৱকৰ ভুল ভাঙিছিল বন্ধুৰ বার্তাৰ পাছত তেওঁ প্ৰেৰণ কৰা ছবিটো ভালকৈ নীৰিক্ষণ কৰাৰ পাছত ।

যুৱকজনৰ বন্ধুৱে তেওঁৰ ঘৰৰ ছাদৰ পৰা ধোঁৱাত ঢাক খাই থকা দিল্লীৰ আকাশৰ ছবি তুলিছিল, তেতিয়াই তেওঁৰ কেমেৰাত ধৰা পৰে কিছু কিলোমিটাৰ দূৰৰ পানীৰ এটা টেংক ।

ধোঁৱাত এনে অৱস্থা হৈছিল যে, টেংকিৰ তলৰ অংশটো অস্পষ্ট হৈ কেৱল ওপৰতো দেখা গৈছিল । টেংকিটো দেখাত ভিন্‌গ্রহীৰ যানৰ দৰে লাগিছিল । ফলত সেইটোৱেই চকুৰ ভুলত ভিন্‌গ্রহীৰ যান ভাবি লৈছিল যুৱকজনৰ বন্ধুৱে ।

Exit mobile version