Firing at Tinsukia : তিনিচুকীয়াত গুলীচালনা, কয়লা সৰবৰাহকাৰী ট্ৰাকত আৰক্ষীৰ গুলীত ট্ৰাক চালক আটক

15f4de29 dcf1 4f8e a630 5385c7741505

Firing at Tinsukia :

তিনিচুকীয়াৰ চাবুৱাৰ বাইপাছত নিশা কয়লা সৰবৰাহকাৰী ট্ৰাকত তিনিচুকীয়া আৰক্ষীৰ গুলীচালনা। অবৈধভাৱে কয়লা সৰবৰাহৰ সন্দেহত আৰক্ষীয়ে তিনিচুকীয়া ৰাজপথত এএছ ২৫ চিচি৭৭৫০ নম্বৰৰ ট্ৰাক এখন ৰখাবলৈ কোৱা হয় যদিও ট্ৰাকখনৰ চালকে আৰক্ষী নিদেৰ্শ অমান্য কৰি বাইপাছৰ দিছে পলায়ন কৰে ৷

ADVERTISEMENT

আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা খেদি খেদি চাবুৱা বাইপাছত ট্ৰাক খনলৈ লক্ষ্য কৰি কেইবাজাই গুলীচালনা কৰে ৷ গুলীচালনাৰ ফলত পথৰ কাষত বাগৰি পৰে কয়লাভৰ্তি ট্ৰাক খন ৷ ট্ৰাকখনৰ চালকৰ গাত গুলী লগা নাই যদিও আৰক্ষীয়ে ইতিমধ্যে চালকজনক আটক কৰিছে ।

Exit mobile version