দিল্লীৰ উপ- মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ আবেদন খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷উল্লেখ্য যে এই বৰ্ষৰ জুন মাহত চিছোদিয়াই অসমৰ মুখ্যমন্ত্ৰীয়ে পত্নী ৰিনিকি ভূঞা শৰ্মা সহ পৰিয়ালৰ আন সকল সদস্যৰে দ্বাৰা গঠিত এটা কোম্পানীৰ জৰিয়তে ক’ভিড কেন্দ্ৰীক সময়ছোৱাত ৰাজ্যৰ বাবে পি পি ই কিট ক্ৰয় কৰাৰ অভিযোগ আনিছিল এখন সংবাদমেলত ৷
ADVERTISEMENT
আনহাতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ এই অভিযোগ একেমুখে নাকচ কৰাই নহয় কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত মনীষ চিছোদিয়াৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰে। এই গোচৰ অনুসৰি আদালতে
১৯ নৱেম্বৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে ৷
কিন্ত চিছোদিয়াই তেওঁৰ বিৰুদ্ধে দিয়া গোচৰ বাতিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰে ৷ ৭ নৱেম্বৰত আদালতে চিছোদিয়াৰ আবেদনৰ শুনানি আবেদন খাৰিজ কৰি ১৯ নৱেম্বৰত সোঁশৰীৰে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে৷