Chips : ‘’ খাদ্য সম্ভাৰ ‘’ সহজ পদ্ধতিৰে ঘৰতে তৈয়াৰ কৰো আহক আলুৰ চিপছ —

download 1 3

Chips :

সৰুৰ পৰা ডাঙৰলৈ সকলোৱে আলুৰ চিপছ খাই ভাল পায় । সাধাৰণতে বজাৰত উপলব্ধ হোৱা চিপছ বেছিকৈ খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল নহয় । তাতোকৈ যদি আমি ঘৰতে চিপছ তৈয়াৰ কৰো , তেন্তে আমাৰ পইচা ৰাহি হোৱাৰ লগতে স্বাস্থ্যৰ পক্ষেও ভাল হ’ব ।

মাত্ৰ ৩০ মিনিটতে ঘৰত আপুনি আলুৰ মচমচীয়া চিপছ বনাব পাৰিব । তাৰবাবে আপোনাৰ আলু শুকোৱাৰ আৰু আলু কটা মেচিনৰো প্ৰয়োজন নাই । একদম কম সময়তে ঘৰতে তৈয়াৰ কৰিব পাৰিব সকলোৰে প্ৰিয় চিপছ । তাৰবাবে আমাক কি কি লাগিব জানো আহক —

উপকৰণ :
# ডাঙৰ আকাৰৰ তিনিটা আলু
# নিমখ এচামুচ
# তেল ৬০ এম এল
# ক’লা নিমখ স্বাদ অনুযায়ী
# ঠাণ্ডা পানী ৫০০ এম এল
# ২০ খন টিছ্যু পেপাৰ বা পৰিষ্কাৰ কপাহী কাপোৰ ।

ৰন্ধন প্ৰণালী : প্ৰথমতে আলু তিনিটা ভালকৈ ধুই শুকোৱাই ল’ব লাগে আৰু এটা ডাঙৰ পাত্ৰত পানী ভৰাই লওঁক । এতিয়া আলু কেইটা পাতল পাতলকৈ কাটি থৈ দিয়া পানীত ৰাখি দিয়ক । পুনৰ এটা ডাঙৰ পানীৰ পাত্ৰত অলপ নিমখ দি কাটি থোৱা আলুখিনি ঢালি দিয়ক । অলপ পিছত পানীৰ পৰা আলুখিনি উঠাই পুনৰ নিমখ মিহলোৱা বৰফৰ পানীত আলুখিনি দি দিয়ক ।

এইদৰে ১৫ মিনিট ৰখাৰ পিছত আলুখিনি তুলি আনি পৰিষ্কাৰ কাপোৰ বা টিছ্যু পেপাৰত মুছি দিয়ক । যাতে কোনো কাৰণতে আলুত পানী ৰৈ নাযায় । এতিয়া এখন কেৰাহীত তেল গৰম কৰক । তেল গৰম হ’লে আলুৰ চিপছখিনি ঢালি দিয়ক । আলুখিনি টানকৈ ভজা হৈ গ’লে কাঢ়ি পেলাওক । অৰ্থাৎ ৰন্ধা হৈ গ’লে চিপছখিনিৰ ওপৰত স্বাদ অনুসৰি ক’লা নিমখ চটিয়াই দিয়ক । ইতিমধ্যে আপোনাৰ প্ৰিয় চিপছ তৈয়াৰ হৈ গ’ল । এতিয়া আপুনি একাপ চাহ বা কফিৰ লগত চিপছৰ সোৱাদ লওঁক ।

Exit mobile version