First Private Rocket :
মহাকাশত উৰাৰ পথত ভাৰতৰ প্ৰথম ব্যক্তিগত উদ্যোকত নিৰ্মিত ৰকেট । হায়দৰাবাদস্থিত এটা ব্যক্তিগত কোম্পানী ‘স্কাইৰুট এৰোস্পেচ’ৰ দ্বাৰা তৈয়াৰী কৰা হৈছে এই ৰকেটখন।
যিখনৰ নাম দিয়া হৈছে ‘বিক্ৰম-এছ’ মঙলবাৰে, কোম্পানীটোৱে ঘোষণা কৰে যে ৰকেটখন ১২ ৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰত উৎক্ষেপণ কৰা হ’ব।
‘স্কাইৰুট’ৰ এই অভিযানক ‘ প্ৰাৰম্ভ’ নাম দিয়া হৈছে। ৰকেটখন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) উৎক্ষেপণ পেড শ্ৰীহৰিকোটাৰ পৰা ১২ ৰ পৰা ১৬ নৱেম্বৰৰ ভিতৰত উৎক্ষেপণ কৰা হ’ব।
স্কাইৰুট এৰোস্পেচৰ মুখ্য কাৰ্যবাহী বিষয়া পৱন কুমাৰ চন্দানাই কয়, “১২ পৰা ১৬ তাৰিখৰ ভিতৰত আমাক সময় দিয়া হৈছে। বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰকেট উৎক্ষেপণৰ চূড়ান্ত তাৰিখ নিৰ্ধাৰণ কৰা হ’ব। ”
এতিয়ালৈকে ভাৰতৰ পৰা আয়োজিত সকলো মহাকাশ অভিযানত ইছৰোৱে এক আগশাৰীৰ ভূমিকা পালন কৰিছে। এইটো প্ৰথমবাৰৰ বাবে যে ইছৰোৰ বাহিৰৰ এটা কোম্পানীয়ে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত পৃথিৱীৰ পৰা এখন ৰকেট প্ৰেৰণ কৰিছে।
বিশেষজ্ঞসকলৰ এটা অংশই অনুমান কৰে যে এইটো ভাৰতৰ মহাকাশ গৱেষণাত এটা নতুন যুগৰ আৰম্ভণি।
বিক্ৰম-এছ ৰকেটনিৰ্মাতা স্কাইৰুটে এক বিবৃতিত কয় যে ই একক পৰ্যায়ৰ উপ-কক্ষীয় ৰকেট। এই ৰকেটটোৱে বিক্ৰম শৃংখলাৰ অন্যান্য ৰকেটৰ কাৰিকৰী ক্ষমতা পৰীক্ষা কৰাত সহায় কৰিব।
বিজ্ঞাপন
অৱশ্যে, ইছৰোৱে এই ৰকেটপ্ৰস্তুতকৰাত ‘স্কাইৰুট’ক সহায় কৰিছে। চিইঅ’য়ে ইয়াৰ বাবে চৰকাৰী সংস্থাসমূহকো ধন্যবাদ জনাইছিল। প্ৰথমব্যক্তিগতভাৱে বিকশিত ৰকেটটোৰ নাম ভাৰতৰ প্ৰসিদ্ধ গৱেষক আৰু মহাকাশ অভিযানৰ আত্মা বিক্ৰম চাৰাভাইৰ নামেৰে ৰখা হৈছে।