Justice DY Chandrachud : মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ৰ বিষয়ে কিছু কথা…

lhl7smio justice dy chandrachud

Justice DY Chandrachud :

১৯৫৯ৰ ১১ নৱেম্বৰত জন্মগ্রহণ কৰে মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ে । তেওঁৰ পিতৃ ৱাইভি চন্দ্রচূড়ো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল । ১৯৭৮ৰ দুই ফেব্রুৱাৰীৰ পৰা ১৯৮৫ৰ ১১ জুলাই পর্যন্ত শীৰ্ষ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ন্যায়াধীশ ৱাই ভি চন্দ্রচূড় ।

১৯৯৮ৰ পৰা ভাৰতৰ এডিছনেল ছলিছিটৰ জেনেৰেলৰ দায়িত্ব পালন কৰিছিল ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ে ।

১৯৯৮ৰ জুনত ব’ম্বে শীৰ্ষ ন্যায়ালয়ৰ অধিবক্তা হৈছিল ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ে ।

২০০২ৰ ২৯ মার্চত ব’ম্বে উচ্চ আদালতত ন্যায়াধীশৰূপে দায়িত্ব গ্রহণ কৰিছিল ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে ।

২০১৩ৰ পৰা ৩১ অক্টোবৰৰ পৰা এলাহাবাদ উচ্চ আদালতৰ মুখ্য ন্যায়াধীশৰ দায়িত্বভাৰ গ্রহণ কৰিছিল ন্যায়াধীশ চন্দ্রচূড়ে ।

২০১৬ৰ ১৩ জুনত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰূপে নিযুক্ত হৈছিল ন্যায়াধীশ ডিৱাই চন্দ্রচূড় ।

২০২২ৰ ন নৱেম্বৰত ভাৰতৰ ৫০তম মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্রহণ কৰিলে ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ে ।

পিতৃৰ ৰায় খাৰিজ

১) ২০১৭ৰ আগষ্টত গোপনীয়তাক মৌলিক অধিকাৰ হিচাপে ৰায় দিছিল উচ্চতম ন্যায়ালয়ৰ তৎকালীন ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ে । তেওঁ জনাইছিল, ১৯৭৬ৰ এডিএম জব্বলপুৰ গোচৰত যি ৰায় দিছিল শীৰ্ষ ন্যায়ালয়ে, তাত গুৰুতৰ ত্ৰুটি আছিল ।

২) ২০১৮ত পিতৃ তথা দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ ৱাইভি চন্দ্রচূড়ৰ ৰায় খাৰিজ কৰি দিছিল উচ্চতম ন্যায়ালয়ৰ তৎকালীন ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ে । ৩৬ বছৰ পূৰ্বে ব্যভিচাৰ সম্পৰ্কত ন্যায়াধীশে যি ৰায় দিছিল, সেয়া খাৰিজ কৰি দিছিল । তেওঁ জনাইছিল, প্রাক্তন মুখ্য ন্যায়াধীশ ৱাইভি চন্দ্রচূড়ে যি ৰায় দিছিল, সেয়া সাংবিধানিক দিশৰ পৰা সঠিক নহয় ।

Exit mobile version