Murder : অসুস্থ ২০ দিনীয়া সন্তানক ডিঙি চেপি হত্যা ! গ্ৰেপ্তাৰ মাতৃ

1667987219 infant

Murder :

অসুস্থ ২০ দিনীয়া সন্তানক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে । ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ আকোলাত ।

প্ৰাপ্ত তথ্য অনুসৰি , অভিযুক্ত মহিলাগৰাকী ৱাৰী আদমপুৰ গাঁৱৰ বাসিন্দা। কন্যাসন্তান অসুস্থ হোৱাৰ বাবে তেওঁক গ্ৰাম্য চিকিৎসালয়লৈ লৈ যায় মাতৃগৰাকীয়ে । তেঁওৰ স’তে তেওঁৰ ভায়েকও আছিল। কিন্তু তেওঁলোকক শিশুটোক চিকিৎসালয়ৰ পৰা জিলা চিকিৎসালয়লৈ লৈ যাবলৈ পৰামৰ্শ দিয়া হয় ।

কিন্তু যেতিয়া শিশুটোক জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় , চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । চিকিৎসকসকলে সন্দেহ কৰাৰ বাবে শিশুটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় । প্ৰাপ্ত তথ্য অনুসৰি, শিশুটোক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হয়।

ইয়াৰ পাছত, আৰক্ষীক চিকিৎসালয়ৰ পৰা অৱগত কৰা হয় । আৰক্ষীয়ে মহিলাগৰাকীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীয়ে কন্যাসন্তানটোক কেৱল অসুস্থতাৰ বাবেই হত্যা কৰিলে নে অন্য কিছু কাৰণত হত্যা কৰা হৈছে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

মহিলাগৰাকীক মঙলবাৰে স্থানীয় আদালতত হাজিৰ কৰোৱা হয়। ন্যায়াধীশে তেওঁক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনাই যে মহিলাগৰাকীৰ ভায়েক আৰু স্বামীক সোধা-পোছা কৰা হৈছে। লগতে পৰিয়ালৰ আন সদস্যসকলৰ স’তেও কথা পাতিছে।

Exit mobile version