Narendra Modi : এম্বুলেন্সক পথ এৰি দি অপেক্ষা কৰিলে মোদীৰ কনভয়

3eef7f06bd45de72fe42f90b224a4c4b1667984816821272 original

Narendra Modi :

এম্বুলেন্সক যাবলৈ পথ এৰি দি নিজৰ কনভয়ক কিছু সময়ৰ বাবে অপেক্ষা কৰিব দিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বুধবাৰে নিৰ্বাচনমুখী হিমাচল প্ৰদেশত প্ৰচাৰ চলাবলৈ যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

সেই ৰাজ্যৰ কাংৰাত এখন নিৰ্বাচনী সভাৰ পৰা উভতি অহাৰ সময়ত সংঘটিত হয় এই ঘটনা । ঘটনাটোৰ বাতৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিয়পি পৰাৰ লগে লগেই নেটিজেনসকলে প্ৰধানমন্ত্ৰীৰ ‘মানৱতা’ৰ প্ৰশংসা কৰে।

ইয়াৰ পূৰ্বে ৩০ ছেপ্টেম্বৰত মোডীয়ে তেওঁৰ গৃহ ৰাজ্য গুজৰাটত এম্বুলেন্সৰ বাবে পথ এৰি দি তেওঁৰ কনভয় ৰখাই দিয়ে । প্ৰধানমন্ত্ৰীৰ কনভয় সেইদিনা আহমেদাবাদৰ পৰা গান্ধীনগৰলৈ গৈ আছিল।

ঘটনাটোৰ এটা ভিডিঅ’ টুইট কৰি গুজৰাট বিজেপিয়ে কয় যে সকলোৱে প্ৰধানমন্ত্ৰীৰ পৰা শিকিব লাগে যে কেনেকৈ “ভিআইপি সংস্কৃতি” বন্ধ কৰিব লাগে।

সাধাৰণতে, যেতিয়া প্ৰধানমন্ত্ৰী দেশৰ যিকোনো ৰাজ্যলৈ যায়, তেতিয়া তেওঁৰ যাত্ৰাপথ সকলো ঠাইতে পৰিষ্কাৰ কৰা হয়।

যান-বাহনচলাচলও নিয়ন্ত্ৰণ কৰা হয়। অৱশ্যে, বিজেপি শাসিত ৰাজ্যসমূহে দাবী কৰে যে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ স’তে আপোচ নকৰাকৈ জনসাধাৰণৰ সুবিধাৰ কথা মনত ৰাখি কাম কৰে।

Exit mobile version