Sanjay Raut Bail: সাময়িক সকাহ সাংসদ সঞ্জয় ৰাউটৰ

তিনি মাহৰ অন্তত জামিন লাভ কাৰাবন্দী ৰাউটৰ

3004a7da 3847 4550 9d4f d8bca207c359

Sanjay Raut Bail :

অবৈধ ধন সৰবৰাহৰ স’তে জড়িত থকাৰ অভিযোগত ইডিয়ে ১ আগষ্টত গ্ৰেপ্তাৰ কৰা শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে অৱশেষত তিনিমাহৰ অন্তত আজি লাভ কৰে জামিন ৷

দুই লাখ টকাৰ বণ্ডত মুম্বাই আদালতে জামিন মঞ্জুৰ কৰে শিৱসেনাৰ কাৰাবন্দী নেতাজনক ৷ সাংসদ জনৰ জামিন লাভ হোৱাৰ পিছতে শিৱসেনাৰ নেতা- কৰ্মী সকলে আদালতৰ বাহিৰত আনন্দ উল্লাহ কৰে ৷

উল্লেখ্য যে ২১ অক্টোবৰত জামিন আবেদন সন্দৰ্ভত ৰাউটৰ অধিবক্তা আৰু ইডিৰ অধিবক্তাৰ যুক্তি শুনি আদালতে ৰায় সংৰক্ষিত ৰাখিছিল ৷

স্মতৰ্ৱ্য যেপাত্ৰ চাওল কেলেংকাৰীৰ গোচৰত শিৱসেনাৰ সাধাৰণ সম্পাদক জনক চলিত বৰ্ষৰ এক আগষ্টত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে ৷ গ্ৰেপ্তাৰৰ পিছত ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰাৰ পিছত বৰ্তমান বন্দী হৈ আছিল মুম্বাইৰ আৰ্থাৰ ৰোড জেইলত ৷ অক্টোবৰত ৰাওটে জামিনৰ বাবে আদালতত আবেদন কৰিছিল ৷কিন্ত ইডিয়ে জামিনৰ বিৰোধিতা কৰি আদালতত জনাইছিল যে ৰাওটৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰা ৩.২৭ কোটি টকা জব্দ কৰা হৈছিল ৷ যাৰবাবে জামিন নামাঞ্জুৰ হয় ৷

Exit mobile version