Winter : শীত অহাৰ লগে লগেই আপোনাৰ ভৰিৰ গোৰোহা ফাটিছে নেকি ? তেন্তে ঘৰুৱা উপায়েৰে লওক যতন —

1a980e0b fd2a 418a 94d8 c4312c39b895

Winter :

শীত অহাৰ লগে লগেই আমাৰ ছালৰ ওপৰত সাংঘাতিক প্ৰভাৱ পৰে । সাধাৰণতে শীতত আমাৰ ছাল শুকাই যায় বাবে ৰোক্ষ হৈ পৰা পৰিলক্ষিত হয় । নিৰ্জীৱ ছালৰ সমান্তৰালকৈ ভৰিৰ গোৰোহা ফটা সমস্যাই আমাক বেছি চিন্তিত কৰি তোলে । শীতত আমাৰ ছাল ৰোক্ষ হৈ পৰাত যত্নৰ অভাৱ হ’লে ছালখন অধিক শুকাই যায় আৰু ভৰিৰ গোৰোহা ফাটিবলৈ আৰম্ভ কৰে ।

আপুনি পিন্ধা সুন্দৰ সাজযোৰেও আপোনাক অশুৱনি দেখাব যেতিয়া আপোনাৰ ফটা ভৰি দুখন মানুহৰ চকুত পৰিব । বহুতে আকৌ ভৰি-হাতৰ পৰিচৰ্যা কৰিবলৈ বিউটি পাৰ্লাৰ আদিলৈ গৈ পেডিকিয়েৰ মেডিকিয়েৰ কৰি সুফল পাবলৈ যত্ন কৰে । কিন্তু এইদৰে পাৰ্লাৰলৈ গৈ পইচা খৰচ কৰাতো সকলোৰে বাবে সম্ভৱ নহয় । গতিকে ঘৰতে আপুনি গোৰোহা ফটা সমস্যাৰ পৰা মুক্তি পাব পাৰে ।

আপুনি যদি ঘৰলৈ কল খাবলৈ কিনি আনিছে , অৰ্থাৎ খোৱাৰ পিছত বাচি যোৱা কলখিনি যদি গেলিবলৈ আৰম্ভ কৰিছে , তেতিয়া সেইখিনি পেলাই নিদি ভৰিৰ ফটা অংশত ঘহি থব লাগে আৰু ১০ মিনিট ৰখাৰ পিছত ধুই পেলাব লাগে । এনেকৈ দুই-তিনি সপ্তাহ কৰাৰ পিছত আপুনি সুফল পাবলৈ আৰম্ভ কৰিব ।

শীত কালত ছালৰ যত্নৰ বাবে মৌ খুবেই উপকাৰী । প্ৰাকৃতিক এণ্টিচেপ্টিক উপাদানেৰে ভৰপূৰ মৌৰ ব্যৱহাৰে আপোনাৰ ছাল উজ্জ্বল কৰি তুলিব । একেদৰে ভৰি ফটাৰ বাবেও মৌ উপকাৰী হিচাপে বিবেচিত হৈছে । গৰম পানীৰ লগত মৌ মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব আৰু সময়ে –সময়ে সেই মিশ্ৰণ ভৰিৰ ফটা অংশত লগাই ৰাখিব । কিছু সময়ৰ পিছত চাফা ঠাণ্ডা পানীৰে ভৰি দুখন ধুই পেলাব ।

সপ্তাহত অন্তত দুই-তিনি বাৰ কৰিলে আপোনাৰ ফটা ভৰিৰ সমস্যা লাঘৱ হ’ব । একেদৰে নেমুৰ ৰসত থকা এচিড উপাদানে ছালৰ বিভিন্ন সংক্ৰমণ দূৰ কৰে । ভৰিৰ গোৰোহা ফটা সমস্যাৰ পৰাও আপোনাক নেমুৰ ৰসে সহায় কৰিব । কিন্তু অকল নেমুৰ ৰস ব্যৱহাৰ কৰিলেই নহ’ব । ইয়াৰলগত প্ৰেট্ৰোলিয়াম জেলি মিহলাই ভৰিৰ ফটা অংশত লগালে নিশ্চয়কৈ সুফল লাভ কৰিব । ইয়াৰলগতে ঠাণ্ডা দিনত ভৰি দুখন পৰিষ্কাৰ কৰি ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ কথা । সাধাৰণতে ভৰি দুখন চাফাকৈ ধুই মোজা পৰিধান কৰিব লাগে । যিহেতু ভৰিত লাগি থকা ধুলিয়ে ভৰি ফটাত অৰিহণা যোগায় ।

Exit mobile version