Afghan Taliban : মহিলাসকলে যাব নোৱাৰিব পাৰ্কত, কাবুলত নতুন ফতোৱা জাৰি

images 8

Afghan Taliban :

কাবুলত মহিলাই পার্কত যোৱা নিষিদ্ধ কৰিলে তালিবানে । যিকোনো ধৰণৰ পার্ক আৰু মেলাত মহিলাসকলে প্রৱেশ কৰিব নোৱাৰিব । দেশৰ ৰাজধানী চহৰত এই ফতোৱা জাৰি কৰা হৈছে

আফগানিস্তানত মহিলাসকলে অকলে বাটে-পথে চলা-ফুৰা কৰা পূৰ্বেই নিষিদ্ধ কৰিছিল তালিবানে । কেৱল পুৰুষ লগত থাকিলেহে মহিলাসকলে ঘৰৰ বাহিৰত যাব পাৰিব । অৱশ্যে এইবাৰ পুৰুষ সংগী থাকিলেও মহিলাসকলে পার্কত বা মেলাত যাব নোৱাৰিব । কাবুলৰ পার্কসমূহত তেওঁলোকৰ প্রৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

তালিবান চৰকাৰৰ মুখপাত্র মহম্মদ আকিফ ছাদেক মহাজিৰে কয়, ‘‘১৫ মাহৰো অধিক সময় ধৰি আমি নীতি-নিয়ম বলৱৎ কৰি সকলো সমস্যা সমাধানৰ চেষ্টা কৰিছো । কিন্তু তাৰ পাছতো বিভিন্ন ঠাইত আইন ভংগ কৰা দেখা গৈছে । বিভিন্ন ঠাইত পুৰুষ আৰু মহিলাসকল একেলগে যোৱা নাই । মহিলাসকলে বহু ক্ষেত্রত হিজাব পৰিধান কৰা নাই । এইবোৰ দেখি আমি নতুন সিদ্ধান্ত ল’লো । সম্প্ৰতি পার্ক আৰু মেলাত মহিলাসকলক নিষিদ্ধ কৰা হৈছে ।’’

তালিবানশাসিত আফগানিস্তানত মহিলাসকলৰ বাবে সর্বত্র হিজাব আৰু বোৰ্খা পৰিধান কৰা বাধ্যতামূলক । মহিলাসকলে অকলে পথত চলা-ফুৰা কৰাও নিষিদ্ধ । তদুপৰি, দেশত উচ্চ প্রাথমিক আৰু মাধ্যমিক স্তৰত মহিলাসকলৰ বিদ্যালয়ো বন্ধ কৰি থৈছে চৰকাৰে ।

এনে পৰিস্থিতিত চৰকাৰে মহিলাসকলৰ বাবে পার্ক বন্ধ কৰি দিয়াৰ সিদ্ধান্তক গ্ৰহণ কৰিব পৰা নাই কাবুলৰ মহিলাসকলে ।

সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত কাবুল নিবাসী এগৰাকী মহিলাই কয়, ‘‘আমি বন্ধ ঠাইত বহি বহি খুবেই হতাশ হৈছো । স্কুল নাই, কোনো কাম নাই, আমি উপভোগ কৰিব পৰাকৈ, কিবা অন্তত কিবা হ’লেও দিয়া উচিত ।’’

আন এগৰাকী যুৱতীয়ে কয়, ‘‘ইছলামত মহিলাসকলে পার্কত যোৱাত কোনো নিষেধাজ্ঞা নাই । তৎস্বত্ত্বেও আমাক এই আনন্দৰ পৰা বঞ্চিত কৰা হৈছে । নিজৰ দেশতেই আমি পৰাধীন ।’’

চৰকাৰৰ সিদ্ধান্তত সুখী নহয় পার্ক কর্তৃপক্ষও । তেওঁলোকে জনায়, মহিলাসকল পার্কত নাহিলে শিশুসকলো নাহিব । এনেদৰে চলি থাকিলে পার্ক বন্ধ হৈ যাব । মহিলাসকলৰ পৰা বিনোদনৰ অন্যতম উপাদান কাঢ়ি লোৱাত আন্তর্জাতিক মঞ্চতো সমালোচনাৰ সন্মুখীন তালিবান ।

Exit mobile version