Home News Assam Barpeta Satra :বৰপেটা সত্ৰৰ নাম প্ৰসংগত ভাগ লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘোষণা সত্ৰলৈ আগবঢ়াব এম্বুলেন্সসহ ৮ লাখ টকা অনুদান By publisher 1 year Ago ShareShareShareShare Barpeta Satra : ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ অসমৰ আজি দশম দিনা পুৱাই বৰপেটা সত্ৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই কীৰ্তনঘৰত অনুষ্ঠিত হোৱা নাম প্ৰসংগত ভাগ লয় । প্ৰসংগৰ পিছতেই সভাপতিজনে সত্ৰাধিকাৰৰ লগত সত্ৰখনৰ উন্নয়নৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় আৰু সত্ৰাধিকাৰৰ অনুমতি সাপেক্ষে সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা সত্ৰ উন্নয়নৰ বাবে আঠ লাখ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । আনহাতে , বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ বিধায়ক পুঁজিৰ পৰা সত্ৰৰ বাবে এখন এম্বুলেন্স আগবঢ়োৱাৰ কথাও সভাপতিজনে ঘোষণা কৰে । সভাপতি বৰাৰ এই ঘোষণাৰ পিছতে সত্ৰাধিকাৰ গৰাকীয়ে কংগ্ৰেছৰ এই অনুদান স্বীকাৰ কৰি কংগ্ৰেছৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাৰ আৰ্শীবাদ প্ৰদান কৰে আৰু ইয়াৰপিছতে আজিৰ ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ কাৰ্যসূচী আৰম্ভ হয় । Categories: India, News, Politics Tags: Abdul KhalequeAbdul Rahim AhmedAmbulanceBARPETA SATRABHARAT JODO YATRABhupen BoraCongressDonateMla FundMp Fund Related Content Mandira :ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত মন্দিয়াত এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাৰ্থী বদৰুদ্দিন আজমল By publisher May 4, 2024 Akhil Gogoi:জলেশ্বৰ বিধান সভা সমষ্টিৰ গৌৰ নগৰত বিৰোধী ঐক্যমণ্চৰ জনসভাত অংশ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ By publisher May 4, 2024 Cm Visit chamata:নলবাৰীৰ চামতাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন প্ৰচাৰাভিযান By publisher May 4, 2024 Binance Founder Changpeng Zhao:৩.৫৯ লাখ কোটি টকাৰ সম্পত্তিৰে বিশ্বৰ সবাতোকৈ ধনাঢ্য কয়দীজন By publisher May 4, 2024 Chirang BPF kokrajher Candidate campaign:চিৰাঙৰ মোজাবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা By publisher May 4, 2024 Mla Aminul Islam Pressmeet:কংগ্ৰেছত যোগদান সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল By publisher May 4, 2024