Home News Assam Barpeta Satra :বৰপেটা সত্ৰৰ নাম প্ৰসংগত ভাগ লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘোষণা সত্ৰলৈ আগবঢ়াব এম্বুলেন্সসহ ৮ লাখ টকা অনুদান By publisher 1 year Ago ShareShareShareShare Barpeta Satra : ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ অসমৰ আজি দশম দিনা পুৱাই বৰপেটা সত্ৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই কীৰ্তনঘৰত অনুষ্ঠিত হোৱা নাম প্ৰসংগত ভাগ লয় । প্ৰসংগৰ পিছতেই সভাপতিজনে সত্ৰাধিকাৰৰ লগত সত্ৰখনৰ উন্নয়নৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় আৰু সত্ৰাধিকাৰৰ অনুমতি সাপেক্ষে সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা সত্ৰ উন্নয়নৰ বাবে আঠ লাখ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । আনহাতে , বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ বিধায়ক পুঁজিৰ পৰা সত্ৰৰ বাবে এখন এম্বুলেন্স আগবঢ়োৱাৰ কথাও সভাপতিজনে ঘোষণা কৰে । সভাপতি বৰাৰ এই ঘোষণাৰ পিছতে সত্ৰাধিকাৰ গৰাকীয়ে কংগ্ৰেছৰ এই অনুদান স্বীকাৰ কৰি কংগ্ৰেছৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাৰ আৰ্শীবাদ প্ৰদান কৰে আৰু ইয়াৰপিছতে আজিৰ ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ কাৰ্যসূচী আৰম্ভ হয় । Categories: India, News, Politics Tags: Abdul KhalequeAbdul Rahim AhmedAmbulanceBARPETA SATRABHARAT JODO YATRABhupen BoraCongressDonateMla FundMp Fund Related Content Chirang BPF kokrajher Candidate campaign:চিৰাঙৰ মোজাবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা By publisher May 4, 2024 Mla Aminul Islam Pressmeet:কংগ্ৰেছত যোগদান সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল By publisher May 4, 2024 Ulfa(I) Linkman Arrested In Arunachal:অৰুণাচলৰ কানুবাৰীত আলফা (স্বাঃ)ৰ ৩ লিংকমেনক আটক By publisher May 4, 2024 Chain Sanatching Incident in Guwahati :মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত By publisher May 4, 2024 Road Accident In Golakganj:পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তামাৰহাটত চেপা উত্তেজনা By publisher May 4, 2024 Chhaygaon Visit Dr. Numal Momin:দক্ষিণ কামৰূপৰ ছয়গাঁৱত উপাধ্যক্ষ ডাঃ নোমল মমিণ By publisher May 4, 2024