Coconut Water : ডাবৰ পানীৰ ১০ টা উপকাৰী গুণ

d26d16ce b9b4 44a7 9323 f9a797b83a12

Coconut Water  :

তীব্ৰ গৰম অথবা দিনটোৰ কৰ্মব্যস্ততাৰ পিছত অৱসাদ দূৰ কৰিবলৈ আমি ডাবৰ পানী পান কৰো । অৰ্থাৎ চেনীযুক্ত এই ডাবৰ পানীয়ে আমাৰ তৃষ্ণা নিমিষতে দূৰ কৰি নতুন শক্তি প্ৰদান কৰে । এই প্ৰাকৃতিক পানীয়ত বিভিন্ন ধৰণৰ এনজাইম ও খনিজ উপাদান থাকে । বিশেষকৈ কেলৰি , কাৰ্বহাইড্ৰেট , চ’ডিয়াম , ফাইবাৰ , পটাচিয়াম , ভিটামিন চি , কেলচিয়াম , আয়ৰণ আৰু মেগনেচিয়াম আদি ডাবৰৰ পানীত ভৰপুৰ উপলব্ধ থাকে । গতিকে এনে এবিধ উৎকৃষ্ট পানীয়ৰ উপকাৰী গুণৰ বিষয়ে আজি আমি আপোনালোকক অৱগত কৰিম ।

১/ ডাবৰৰ পানীয়ে মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰে । ইয়াত থকা ফাইবাৰে কোষ্ঠিকাঠিন্যৰ পৰা মানুহক পৰিত্ৰাণ দিয়ে ।

২/ প্ৰাকৃতিক এই পানীয়ে কিডনিত পাথৰ হোৱাত বাধা দিয়ে ।

৩/ শৰীৰৰ পানীৰ অভাৱ পূৰণ কৰা আৰু খনিজৰ ভাৰসাম্য ৰক্ষা কৰাত ডাবৰৰ পানী অতি উৎকৃষ্ট ।

৪/ ইয়াত থকা পটাচিয়াম , চডিয়াম আৰু ভিটামিন চি য়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ।

৫/ কেলচিয়াম আৰু মেগনেচিয়াম উপলব্ধ ডাবৰ পানীয়ে মানুহৰ হাড় মজবুত কৰে ।

৬/ শৰীৰৰ কলেষ্টেৰলেৰ মাত্ৰা কমোৱাত ডাবৰৰ পানীয়ে সহায় কৰে ।

৭/ ডাবৰৰ পানীত ভিটামিন চি , এণ্টিভাইৰেল আৰু এণ্টিবেক্টেৰিয়েল উপাদান থাকে। যি মানুহৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে ।

৮/ ডাবৰৰ পানীত থকা মেগনেচিয়ামে শৰীৰৰ গ্লুকজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ।

৯/ ডাবৰৰ পানীয়ে ছালৰ সৌন্দৰ্য তুলি ধৰাৰ লগতে ছালৰ ডাগ নোহোৱা হোৱাত সহায় কৰে ।

১০ / এই পানীয়ে মানুহৰ হজমৰ সমস্যা দূৰ কৰে ।

Exit mobile version