Elon Musk : টুইটাৰৰ কর্মচাৰীসকলক কাৰ্যালয়ত আহি কাম কৰাৰ নিৰ্দেশ মাস্কৰ

1667790571 musk

Elon Musk :

টুইটাৰৰ নতুন স্বত্বাধিকাৰীৰূপে বুধবাৰে প্রথমবাৰৰ বাবে সংস্থাৰ কর্মচাৰীসকলক উদ্দেশ্যি মেইল প্ৰেৰণ কৰিলে ইলন মাস্কে । প্রথম মেইলতেই মাস্কে জনালে, ‘সন্মুখত কঠিন সময়’ । সংস্থাৰ প্রত্যেকে যেন তাৰ বাঈ প্রস্তুত থাকে । সংস্থাৰ কর্মচাৰীসকলৰ স’তে প্রথম সম্ভাষণত যে তেওঁ মিঠা কথা পাতিব পৰা নাই, সেয়া অৱশ্যে স্বীকাৰ কৰিছে ।

মাস্ক সংস্থাৰ কর্মচাৰীয়ে স্পষ্টভাৱে জনাইছে, ঘৰৰ পৰা বা কাৰ্যালয়ৰ বাহিৰত অন্য কোনো ঠাইৰ পৰা কাম কৰিব নোৱাৰিব । কাৰ্যালয়ত আহি কাম কৰিব লাগিব সকলোৱে । সপ্তাহত কিমান সময় কাম কৰিব লাগিব, সেয়াও জনালে মাস্কে । সপ্তাহত ৪০ ঘণ্টা কাম কৰিব লাগিব সংস্থাৰ প্রতিজন কর্মচাৰীয়ে ।

দুসপ্তাহ পূৰ্বে টুইটাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে টেছলা-কর্তা মাস্কে । মাস্কে দায়িত্ব গ্ৰহণ কৰাৰ পাছত বহু কর্মচাৰী ছাটাই কৰিছে সংস্থাই । টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱালাকো ছাটাই কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, এই মেছেজিং এপ্ সংস্থাটো আয়ৰ বাবে মূলত বিজ্ঞাপনৰ ওপৰত নির্ভৰশীল । কিন্তু সংস্থাৰ অভ্যন্তৰীণ উঠা-নমাৰ মাজতে নানা কাৰণত বিজ্ঞাপনৰ বাবদ আয় যথেষ্ট কমি গৈছে সংস্থাৰ । সেয়ে বিকল্প উপায়ে আয় বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে টুইটাৰে ।

Exit mobile version