Fish : বিস্ময়কৰ : অষ্ট্ৰেলিয়াত অদ্ভুত আকৃতিৰ মাছৰ সন্ধান

716fa6f6 12ad 48b8 a648 f7f1d1144112

Fish :

অষ্ট্ৰেলিয়াৰ একাংশ গৱেষকে বহুদিন ধৰি সন্ধান কৰাৰ অন্তত অদ্ভুত আকৃতিৰ সামুদ্ৰিক মাছৰ সন্ধান লাভ কৰবলৈ সক্ষম হৈছে । তথ্য অনুসৰি বিগত সময়ত অষ্ট্ৰেলিয়াৰ পশ্চিম অংশৰ মেৰিন পাৰ্কত ১৫০০ মাইল পৰ্যন্ত অনুসন্ধান কৰাৰ পিছত এই অদ্ভুত আকৃতিৰ মাছৰ সন্ধান লাভ কৰিছে গৱেষক সকলে ।

উল্লেখ্য যে , এই মাছৰ গাত আঠাজাতীয় পদাৰ্থ লক্ষ্য কৰিছে গৱেষকে । এই সন্দৰ্ভত গৱেষক টিম অ’হেৰাই কয় যে, আমি বহুদিন ধৰি বিভিন্ন বৈচিত্ৰময় সাগৰীয় প্ৰাণীৰ সন্ধান কৰি আহিছো । তেওঁ লগতে এইবুলিও কয় যে , অষ্ট্ৰেলিয়াৰ পশ্চিম অঞ্চলৰ পেচিফিক তথা ভাৰত মহাসাগৰত যুক্ত হৈছে । ইয়াতেই এই ধৰণৰ সামুদ্ৰিক প্ৰাণীৰ উপস্থিতি ধৰা পৰিছে । এই অদ্ভুত মাছ অৱশ্যে ডাইন’চৰ যুগৰে পৰা বিবৰ্তন হৈ আহিছে বুলিও উল্লেখ কৰিছে গৱেষক টিম অ’হেৰাই ।

এই বৈচিত্ৰময় মাছবিধে নিজৰ খাদ্যৰ সন্ধানত পানীৰ বহু ওপৰলৈ জপিয়াই যাব পাৰে । আনকি এই মাছবিধে বৃহৎ আকাৰৰ সামুদ্ৰিক মাছৰ পৰা নিজক ৰক্ষা কৰিবলৈ চৰাইৰ দৰে উৰি যাব পাৰে । এই মাছৰ আকাৰ সৰু হোৱাৰ লগতে শৰীৰৰ কিছু অংশ সোণালী ৰঙেৰে আবৃত হৈ থাকে । দেখাত খুবেই আকৰ্ষণীয় এই মাছ এঞ্জেলাৰ ফিছ প্ৰজাতিৰ সৈতে সাদৃশ্য পোৱা গৈছে ।আপুনি শুনি হয়তো আচৰিত হ’ব যে এই মাছে সমুদ্ৰৰ সমতলত খান্দিবও পাৰে । যিহেতু এই মাছবিধৰ শৰীৰত সৰু সৰু আকাৰৰ ঠেং সংযোজিত হৈ আছে ।

Exit mobile version