Gangadhar River : গংগাধৰ নদীৰ খহনীয়াত বিলীন খেতি মাটি : আতংকিত তামাৰহাটবাসী

Gangadhar River erosion

Gangadhar River erosion

Gangadhar River : নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দি দায়িত্ব সামৰিলে চৰকাৰে

অসম বংগ সীমান্ত অঞ্চলেৰে বৈ যোৱা তীব্ৰ বেগী গংগাধৰ নদীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। আতংকত ভুগিছে নৈ পৰীয়া লোক সকলে। গংগাধৰ নদীৰ খহনীয়া ৰোধ কৰিবলৈ কোনো এখন চৰকাৰ আঁচনি গ্ৰহণ নকৰিলে।

গংগাধৰ নদীয়ে ঐতিহাসিক বাঘ ডোক্রা গাঁও সম্পূৰ্ণ ৰূপে বিলীন কৰাৰ লগতে বসতি পূৰ্ণ জোঙবন্ধা গাঁওখন নাইকিয়া কৰি পেলাইছে।

নদীখন দিনক দিনে অন্যান্য জন বসতি পূৰ্ণ অঞ্চল লৈ ঢাপলি মেলিছে যদিও কান সাৰ নাই ৰাজ্য চৰকাৰৰ। খবৰ নাই বিধায়ক – সাংসদৰ। শেহতীয়া কৈ উক্ত নদীখনে গাৰো পাৰা, সোনালুডাৱৰী আদি অঞ্চল লৈ ভাবুকি কঢ়িয়াই আনিছে। ঠিক একেদৰে তামাৰহাট বজাৰ লৈ ভাবুকি কঢ়িয়াই আনিছে।

তীব্ৰ বেগী গংগাধৰ নদীৰ পৰা তামাৰহাট বজাৰৰ দূৰত্ব মাত্ৰ কেবা শ মিটাৰ। তামাৰহাট অঞ্চলৰ উপৰি বজাৰ, মন্দিৰ , শ্মশান ,স্কুল আদি কৰি কেবাটাও চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান নদীৰ বুকুত বিলীন হব, সেয়া এক প্ৰকাৰ
স্পষ্ট হৈ পৰিছে।

ইতিমধ্যে তামাৰহাট অঞ্চল অতিক্ৰম কৰি ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ উজান পেটলা গাঁৱৰ বহু মাটি খহনীয়াই খহাই নিছে। । গংগাধৰ নদীয়ে দীৰ্ঘদিন ধৰি তাণ্ডৱ চলাই আহিছে যদিও কোনো এখন চৰকাৰ এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে।

যাৰ ফলত সম্প্ৰতি নৈ পৰিয়া অঞ্চলৰ লোক সকলে এক অনিশ্চয়তা আৰু আতংকত ভুগিছে।প্ৰায় দুই বছৰ পুর্বে তামাৰহাট অঞ্চলৰ খহনীয়া ৰোধ কৰিবলৈ কেবা কোটি টকা মঞ্জুৰী দিছিল যদিও কামৰ ঠিকা লাভ কৰা ঠিকাদাৰে কেৱল পাকু পাইন ( পকী খুঁটি) বান্ধি কাম সম্পূৰ্ণ কৰে।

চৰকাৰে কেবা কোটি টকা মঞ্জুৰী দিয়ে যদিও বিজ্ঞান সন্মত নোহোৱাত একো কামত নাহিলে। খহনীয়া অঞ্চলত শীঘ্ৰে প্ৰতিৰোধ কৰাৰ আঁচনি লোৱা বুলি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ,বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো আৰু মন্ত্ৰী অশোক সিংহাল গোসাঁইগাঁও বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ আহি জন সভাত প্ৰতিশ্ৰুতি দিছিল। উক্ত প্ৰতিশ্ৰুতি দিয়াৰ আজি ডেৰ দুই বছৰে নহল কোনো কাম।

এনেকি মনত নপৰিল মন্ত্ৰী বিধায়কৰ। যাৰ বাবে অহা লোক সভা নিৰ্বাচনৰ পূৰ্বে গংগাধৰ নদীৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰে বাস্তৱ সন্মত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব সেয়া নিশ্চিত বুলি জানিব দিয়ে।

Exit mobile version