Guwahati Fire:মহানগৰীৰ ভিআই পি ৰোডৰ বিধ্বংসী অগ্নিকাণ্ড

জুইত আবদ্ধ এটি পোহনীয়া কুকুৰক সুকলমে উদ্ধাৰ অগ্নিনিৰ্বাপক বাহিনীৰ

bc5e9ab6 226f 48c0 a21c 8db2a105e404

Guwahati Fire :

মহানগৰীৰ ভি আই পি ৰোডত বিধ্বংসী অগ্নিকাণ্ড ৷ ছয়মাইল জয়ন্ত এনক্লেভত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা৷ এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাৰ এটা ফ্লেটত সংঘটিত হোৱা এই ভয়াবহ অগ্নিকাণ্ডত আবদ্ধ হৈ পৰে এটা পোহনীয়া কুকুৰ ৷ সেইসময়ত ফ্লেটটোত কুকুৰটোৰ বাহিৰে নাছিল গৃহস্থ ৷

অগ্নিকাণ্ডৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা অগ্ননিৰ্বাপক বাহিনীৰ লোকে এঘন্টাযোৰা প্ৰচেষ্টাৰ অন্তত নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰভুভক্ত কুকুৰটো ৷অৱশ্যে জুইৰ প্ৰচণ্ডৰ তাপত আংশিকভাৱে আঘাতপ্ৰাপ্ত হয় কুকুৰটো ৷ আনহাতে জুইৰ লেলিহান শিখাই গোটেই ফ্লেটটো আৱৰি ধৰাত এই পৰ্যন্ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিচতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই বাতৰি প্ৰস্তুত কৰালৈকে জুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

Exit mobile version