Guwahati Seize Fake Gold : মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষী অভিযান

নকল সোণসহ আটক বহি:ৰাজ্যৰ দুই যুৱক

791b1167 9400 4f72 85c9 41a76750717e

Guwahati Seize Fake Gold :

গুৱাহাটী ৰে’ল আৰক্ষীয়ে আজি দুপৰীয়া কামাখ্যা ৰে’ল ষ্টেচনত অৰ্তকিতে চলোৱা অভিযানত জব্দ কৰে নকল সোণ ৷ লগতে আটক কৰে উত্তৰ প্ৰদেশৰ দুজন যুৱকক ৷

জব্দকৃত এক কিলো ৭৯০ গ্ৰাম ওজনৰ নকল সোণৰ যীশুখ্ৰীষ্ট ক্ৰছবিদ্ধ মুৰ্তিটো আচল সোণ বুলি কৈ বিক্ৰীৰ বাবে পৰিকল্পনা যুগত কৰিছিল ধৃত দুই যুৱক৷ আৰক্ষীৰ জালত পৰা নকল সোণ সৰবৰাহকাৰী দুটা দ’ল মহম্মদ খালিদ আৰু দিলছাদ ৷

ইতিমধ্যে ধৃত সৰবৰাহকাৰী দুটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৰে’ল আৰক্ষীয়ে ৷ উল্লেখ্য যে নকল সোণৰ সৰবৰাহকাৰীয়ে শেহতীয়াকৈ সোণ সৰবৰাহৰ মুল কেন্দ্ৰ স্থল ৰূপে গঢ়ি তুলিছে মহানগৰৰ কেতবোৰ ৰে’ল ষ্টেচন ৷

আনহাতে সপ্তাহ পূৰ্বে মালিগাঁওৰ কামাখ্যা ৰে’ল ষ্টেচনতে গৰাকীবিহীন এটা পৰিত্যক্ত বেগত উদ্ধাৰ হৈছিল দুই কিলো ওজনৰ নাও আকৃতিত নিৰ্মিত নকল সোণ। পিছত আৰক্ষীয়ে সোণখিনি নকল বুলি নিশ্চিত কৰি সৰবৰাহকাৰীৰ সন্ধান চলাইছে ৷

Exit mobile version