Lockdown:কে’বা সহস্ৰাধিক লোক আক্ৰান্ত ক’ভিডত ,পুনৰ তলাবন্ধ ঘোষণা

37e3c8a3 cb79 4993 8612 64cf4bc41389

Lockdown :

চুবুৰীয়া দেশ চীনৰ য়ুহান প্ৰদেশৰ পৰা সমগ্ৰ বিশ্বলৈ বিয়পি পৰা মহাব্যাধি ক’ৰণা গ্ৰাসত পৰি বিশ্ব কে’বা কোটি লোকৰ মৃত্যু হৈছিল ৷ আনকি বিশ্ব অৰ্থনীতি একপ্ৰকাৰ স্থবিৰ হৈ পৰিছিল ৷ বিগত বৰ্ষৰ শেষৰফালে স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পিছত ক্ৰমে উজ্জীৱিত হৈ পৰে কৰ’ণা গ্ৰাস পৰা দেশবোৰ ৷ কিন্ত শেহতীয়াকৈ শীতৰ আগমনৰ লগে লগে প্ৰতিবেশী দেশ চীনত পুনৰ উদ্থান ঘটিছে ক’ভিডৰ ।

এইবাৰ ক’ভিডৰ কেন্দ্ৰস্থল য়ুহান নহয় ৷তেৰ নিযুত জনসংখ্যাৰ চীনৰ দক্ষিণ প্ৰান্তৰ বাণিজ্যিক ৰাজ্য গুয়াংঝৌত যোৱা ২৪ ঘণ্টাত প্ৰায় আঢৈ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে ক’ভিডত ।

ক’ভিডৰ পুনৰ আগমনত সন্ত্ৰস্ত হৈ বেইজিঙে লৈছে কঠোৰ সিদ্ধান্ত ৷ ক’ৰণা আক্ৰান্তৰ সংখ্যা দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত গুয়াংঝৌত ৰাজ্যত পুনৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে চীন চৰকাৰে ৷গুয়াংঝৌৰ প্ৰাদেশীক চৰকাৰে পাঁচলাখ বাসিন্দা থকা চহৰবাসীক ঘৰৰ বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷ একেদৰে ক’ভিৰ সংক্ৰমণ ৰোধ কৰিবলৈ যান-বাহনৰ চলাচল বন্ধ কৰাৰ লগতে শিক্ষানুষ্ঠান সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বন্ধ কৰিছে ৷

আনহাতে প্ৰশাসনে কৰ’ণাৰ অচিলা লৈ সঘনে ঘোষণা কৰা লকডাউনত ক্ষুন্ন হৈ পৰিছে চহৰৰ বহু আবাসী ৷ যাৰ ফলস্বৰূপে কেতবোৰ অঞ্চলত আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াবৰ্গে মুকলি সংঘাতত লিপ্ত হৈছে স্থানীয়লোক ৷ আনহাতে গুয়াংঝৌৰ প্ৰাদেশীক চৰকাৰে ক’ভিডৰ সংখ্যা হ্ৰাস নোপোৱালৈকে লকডাউন শিথিলৰ কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিয়ে ৷

Exit mobile version