Meghalaya Encounter :মেঘালয়ত আৰক্ষীৰে এনকাউণ্টাৰত নিহত দুই অপহৰণকাৰী

এটি শিশু সহ গুৱাহাটীৰ এজনক কৰিছিল অপহৰণ

WhatsApp Image 2022 11 10 at 20.00.29

Meghalaya Encounter :
প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত আৰক্ষীয়ে হোৱা সংৰ্ঘষত দুজনকৈ অপহৰণকাৰী নিহত হয় ৷ নিহত অপহৰণকাৰীৰ পৰা এটা পিষ্টল,এটা একে চিৰিজৰ ৰাইফল,৭.৬২ এম এম ৰ ২৩ টা সক্ৰিয় গুলী আৰশ নাইন এম এমৰ ৯ ৰাউণ্ড গুলী সহ বহু আপত্তিজনক নথিপত্ৰ ৷

পশ্চিম গাৰো পাহাৰৰ আৰক্ষী অধীক্ষক ভি এছ ৰাথোড়ে সংবাদ মাধ্যমক জানিব দিয়া মতে নিহত অপহৰণকাৰীয়ে গুৱাহাটীৰ বিকাশ চেতিয়া আৰু গোৱালপাৰাৰ পৰা এটি শিশুক অপহৰণ কৰিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে নিৰাপদে উদ্ধাৰ কৰা অপহৃত দুয়োজন সুকলমে আছে বুলি সদৰি কৰে ৷

অপহৃত পৰিয়ালে দাখিল কৰা গোচৰৰ ভিত্তিত অসম আৰক্ষীৰ অনুৰোধমৰ্মে মেঘালয় আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি আজি বামণ্ডংগাৰ সমীপত ডিব্ৰু পাহাৰ বন সংৰক্ষিত বনাঞ্চলত অতৰ্কিতে অভিযান চলাই ৷

আৰক্ষীক দেখি অপহৰণকাৰীয়ে গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত থিতাতে নিহত হয় অসম আৰু মেঘালয়ৰ দুই অপহৰণকাৰী ৷

Exit mobile version