Pradyot Deb Barma: হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ মেনেজ মাষ্টাৰ: ত্ৰিপুৰা নেতা প্ৰদ্যুৎ দেৱবৰ্মা

5932c310 aacf 4033 8e53 e52d5f5f9667

Pradyot Deb Barma :

ৰাজ্য ত্ৰিপুৰা বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কিছু মাহ থকা অৱস্থাত শাসনাধিষ্ঠ বিজেপিয়ে ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰাৰ মাজতে বিগত নিৰ্বাচনৰ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে বিশেষ ভূমি লোৱা অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা যোৱা সপ্তাহত উপস্থিত হৈছে ৰাজ্য খনত৷ দলীয় বুথ পৰ্যায়ৰ সভাত ভাগ লৈ পুনৰ আগৰতলা দখলৰ হুংকাৰ দি উদাত্ত ভাষণ দি দিছপুৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ পিছতে ত্ৰিপুৰা ৰাজপৰিয়ালৰ সন্তান তথা টিপৰা ইণ্ডিজেনাছ পিপলছ এলায়েন্স (টিআইপিআৰএ) দলৰ অধ্যক্ষ প্ৰদ্যুৎ দেৱবৰ্মাই অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ।

ৰাজ্যৰ বিৰোধী শিৱিৰত অৱস্থান কৰা ৰয়েল ফেমেলিৰ উত্তৰাধিকাৰী তথা টিআইপিআৰএৰ মুৰব্বী প্ৰদ্যুত দেৱবৰ্মাই কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে “বিজেপিৰ মেনেজ মাষ্টাৰ”। তেওঁ তেওঁৰ কাম কৰি যাওক। অৱশ্যে, তেওঁ মোৰ ভাল বন্ধু আৰু সেয়া ৰাজনীতিৰ বাহিৰত৷

ত্ৰিপুৰাৰ আগন্তুক বিধানসভা নিৰ্বাচনত টিআইপিআৰএ দল “বিজেপিৰ বাবে কোনো কাৰক নহ’ব” বুলি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰদ্যুত দেববৰ্মাই উল্লিখিত মন্তব্য প্ৰকাশ কৰে ৷ উল্লেখ্য যে ত্ৰিপুৰ বিধানসভা নিৰ্বাচন ২০২৩ বৰ্ষৰ প্ৰথম ভাগত অনুষ্ঠিত হ’ব।

স্মতৰ্ৱ্য যে ৰাজ্য খনৰ প্ৰাক্তন মন্ত্ৰী তথা শাসকীয় চৰকাৰ খনৰ মিত্ৰ দল আইপিএফটিৰ বিধায়ক মেভাৰ কুমাৰ জামাতিয়াই বুধবাৰে টিআইপিআৰএত যোগদান কৰি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটোক এক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰে।
জামাতিয়াই আইপিএফটিৰ বিধায়ক হিচাপে নিজৰ পদত্যাগ কৰাৰ মাত্ৰ এদিন পিছত টিআইপিআৰএ দলত যোগদান কৰিছিল।

মেভাৰ কুমাৰ জামাতিয়াই আগৰতলাত প্ৰদ্যুত দেৱ বৰ্মাৰ নেতৃত্বত টিআইপিআৰএ সংগঠনত আন কেইবাজনো আইপিএফটি বিষয়া আৰু অনুগামীৰ সৈতে যোগদান কৰি নেতাজনে কয়,”মই ত্ৰিপুৰাৰ জনসাধাৰণৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিছিলো– জনজাতীয় আৰু অ-জনজাতীয় লোকসকলৰ বাবে। কিন্তু মোক কাম কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। মই অব্যাহত ৰাখিব নোৱাৰিলোঁ আৰু ইয়াৰ বাবে দায়ী শাসকীয় বিজেপি৷

ইফালে, জামাতিয়াই টিআইপিআৰএত যোগদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদ্যুত দেৱবৰ্মাই কয়: “থানচা (বিশ্বাস) একতা হৈছে সময়ৰ প্ৰয়োজন।”

Exit mobile version