Rape Case: মহানগৰীৰ দাতালপাৰাত লজ্জাজনক ঘটনা

তিনি বছৰীয়া নাবালিকাক ধৰ্ষণ ৮০ বছৰীয়া বৃদ্ধৰ

a94fb70a d466 4179 bd77 1b9188c34103

Rape Case :

মহানগৰীত পুনৰ সংঘটিত হ’ল এক লজ্জাজনক ঘটনা ৷ যোৱা নিশা দাতালপাৰাত ৮০ বছৰীয়া এক লম্পট বৃদ্ধৰ ধৰ্ষণৰ বলি হ’ল এগৰাকী কণমানি তিনিবছৰীয়া শিশুকন্যা ৷

চিপছ জাতীয় বস্তুৰে প্ৰলোভন দেখুৱাই সংঘটিত কৰেে এই অমানবীয় ঘটনা ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ফটাশিল আমবাৰী থানাত গোচৰ তৰা ভুক্তভোগী পিতৃয়ে অভিযোগ কৰা মতে বৃদ্ধজন তেওঁলোকৰ অতি চিনাকি সূত্ৰে প্ৰায়ে তেওঁলোকৰ ঘৰলৈ আহযাহ কৰিছিল ৷ সেই অনুসৰি বৃদ্ধজনক বিশ্বাস কৰি তেওঁৰ স’তে থাকিব দিছিল ৷

কিন্ত নিজ নাতি সম কন্যা শিশুটিক ধৰ্ষণৰ দৰে ঘৃণনীয় সংঘটিত কৰাৰ পিছতে সোচ্ছাৰ হৈ পৰিছে স্থানীয়লোক ৷ ইতিমধ্যে ভুক্তভোগীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ফটাশিল আৰক্ষীয়ে আটক কৰিছে বৃদ্ধজনক ৷ আনহাতে বুধবাৰে কৰিমগঞ্জতো এগৰাকী ১৩ বছৰীয়া কিশোৰীক ছয়জন নাবালকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হয় আৰু সকলো অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, আটাই কেইজন নাবালকৰ ল’বয়স ১৩ ৰ পৰা ১৫ বছৰৰ ভিতৰত। ঘটনাটো ১ নৱেম্বৰত জিলাখনৰ ৰামকৃষ্ণ নগৰ অঞ্চলত সংঘটিত হৈছিল।

Exit mobile version