Smart Phone : স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে দু: সংবাদ : ভাইৰেল হ’ব পাৰে আপোনাৰ সকলো তথ্য

a3efa199 b03b 4dc7 89ac dbda5f8b6c8a

Smart Phone :

দেশৰ স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে আহিছে এটা দু: সংবাদ । স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে যেতিয়াই ফোনৰ নেট অন কৰিব , তেতিয়াই এটা মালওয়াৰ ভাইৰাচ নিজে নিজে ইনষ্টল হ’ব । এই এপৰ যোগেদি ব্যৱহাৰকাৰীৰ ফোনৰ সকলো তথ্য চুৰি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । এই স্বয়ংক্ৰিয় এপৰ নাম হৈছে ,’ স্পিন মেজ ।‘ তথ্য অনুসৰি , এটা ‘টাচপাল’ নামৰ কি-বোৰ্ডৰ বাবে এই এপ স্বয়ংক্ৰিয়ভাৱে ইনষ্টল হয় ।

তথ্য ফাদিল হোৱাৰ আশংকা কৰা এই এপ কেনেকৈ প্ৰতিৰোধ কৰিব ?

# প্ৰথমে মোবাইল চেটিং অপশ্যনত গৈ ‘ এপ চেটিং’ ত প্ৰৱেশ কৰক ।

# ইয়াৰপিছত টাচপালেৰ যিমান এপ সক্ৰিয় হৈ আছে , সকলো ‘ ফোৰ্চ ষ্টপ ‘ কৰক ।

# তেতিয়া আপোনাৰ ম’বাইল থকা মালওয়াৰ ভাইৰাচ নাইকীয়া হৈ যাব আৰু নিজে নিজে ইনষ্টল নহ’ব । যেতিয়া জিবোৰ্ড অথবা ৰেডমিক কিবোৰ্ড বা অন্য কিবোৰ্ড ব্যৱহাৰ কৰিব তেতিয়াও আপোনাৰ ফোনটো মালওয়াৰ ভাইৰাচৰ দ্বাৰা আক্ৰান্ত নহয় । কিন্তু টাচপাল চলমান হৈ থাকিলে পুনৰ আক্ৰান্ত হোৱাৰ আশংকা থাকে ।

Exit mobile version