TV Channel Guidelines : ৰাষ্ট্ৰীয় স্বার্থত ৩০ মিনিট, অখণ্ডতা, সংস্কৃতিক প্রাধান্য

টেলিভিছনত কি সম্প্রচাৰ হ'ব নির্দেশনাত জনালে কেন্দ্ৰ‌ই

images 1 7

TV Channel Guidelines :

দেশৰ টেলিভিছন চেনেলসমূহৰ বাবে নতুন নির্দেশনা প্রকাশ কৰিলে কেন্দ্রীয় চৰকাৰে (TV Channel Guidelines) । এই নিৰ্দেশনাত ৰাষ্ট্ৰীয় আৰু জনস্বার্থক বাধ্যতামূলক কৰা হৈছে । অর্থাৎ টেলিভিছন চেনেলসমূহ ৰাষ্ট্ৰীয় আৰু জনস্বার্থৰ অনুকুল অনুষ্ঠান সম্প্রচাৰিত কৰিবলৈ বাধ্য । ‘গাইডলাইন্স ফৰ আপলিংকিং এণ্ড ডাউনলিংকিং অৱ টেলিভিছন চেনেল ইন ইণ্ডিয়া ২০২২’ সংশোধিত আইনত এই নতুন নির্দেশনা জাৰি কৰা হৈছে ।

দেশৰ সর্বত্র ন নৱেম্বৰৰ পৰা এই নির্দেশনা কার্যকৰ কৰা হৈছে । কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ে (Ministry of Information & Broadcasting) জনাইছে, কেনেদৰে নির্দেশনা পালন কৰা হ’ব আৰু সেই অনুযায়ী কার্য সম্পাদন কৰা হ’ব, তাৰ বাবে টেলিভিছন চেনেলসমূহক কিছুদিন সময় দিয়া হ’ব ।

নতুন নির্দেশনা অনুযায়ী, ২৪ ঘণ্টাত অন্তত ৩০ মিনিট ৰাষ্ট্ৰীয় আউ জনস্বার্থমূলক অনুষ্ঠান সম্প্রচাৰ কৰিব লাগিব টেলিভিছন চেনেলসমূহে ।

এই নির্দেশনাৰ অধীনত টেলিভিছন চেনেলসমূহক আঠ ধৰণৰ বিষয়বস্তু বাছি লোৱাৰ সুযোগ দিছে কেন্দ্র‌ই । এই নির্দেশনা জাৰি কৰাৰ ক্ষেত্রত কেন্দ্রৰ যুক্তি, যে বায়ুতৰংগ ব্যৱহাৰ কৰি অনুষ্ঠান সম্প্রচাৰ কৰে টেলিভিছন চেনেলসমূহে, সেয়া প্ৰকৃততে জনসাধাৰণৰ সম্পত্তি । সেয়ে দেশ আৰু সমাজৰ সর্বোত্তম স্বার্থৰ প্ৰতি লক্ষ্য ৰাখি তাৰ ব্যৱহাৰ কৰা উচিত ।

কেন্দ্রৰ তৰফৰ পৰা প্ৰকাশিত লিখিত বিবৃতি কোৱা হৈছে, বায়ুতৰংগ আৰু ফ্রিকোৱেন্সি জনগণৰ সম্পত্তি । সেয়ে জনগণৰ সর্বোত্তম স্বার্থৰ প্ৰতি লক্ষ্য ৰাখি তাৰ ব্যৱহাৰ হোৱা উচিত । সেয়ে প্রতিদিনে ৩০ মিনিটৰ বাবে তেনে অনুষ্ঠান সম্প্রচাৰিত কৰিব লাগিব ।

এই ক্ষেত্রত ১) শিক্ষা আৰু সাক্ষৰতা, ২) কৃষি আৰু গ্রামীণ উন্নয়ন, ৩) স্বাস্থ্য আৰু জনকল্যাণ, ৪) বিজ্ঞান আৰু প্রযুক্তি, ৫) নাৰীকল্যাণ, ৬) অনগ্রসৰ শ্রেণীৰ কল্যাণ, ৭) পৰিৱেশ আৰু সাংস্কৃতিক ঐতিহ্যৰ নিৰাপত্তা আৰু ৮) জাতীয় অখণ্ডতাৰ দৰে বিষয় থাকিব লাগিব ।

তথ্য আৰু সম্প্রচাৰ মন্ত্রণালয়ৰ সচিব অপূর্ব চন্দ্র‌ই কয়, “সম্প্রচাৰক আৰু বিনিয়োগকাৰীসকলৰ স’তে আলোচনাতেই বিষয়টো নিৰ্ধাৰণ কৰা হৈছে । কোন সময়ত এই বিশেষ অনুষ্ঠান সম্প্রচাৰ কৰা যাব, কেতিয়াৰ পৰা কৰিব লাগিব, সেই সংক্রান্ত চূড়ান্ত নির্দেশ দিয়া হ’ব শীঘ্রেই ।”

নিয়ম কার্যকৰ হ’লে টেলিভিছন চেনেলসমূহৰ ওপৰত দৃষ্টি ৰখা হ’ব আৰু ক’ৰবাত কোনো ধৰণথ নিয়ম উলংঘা হ’লে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জনাইছে । আগৰ পৰা এই সংক্রান্ত বিষয় নির্ভৰ কৰা যিসমূহ চেনেল আছে, সেইসমূহক বাদ দি সকলো চেনেলৰ ক্ষেত্রতেই এই নিয়ম প্রযোজ্য বুলি জনাইছে কেন্দ্র‌ই । বন্যজন্তুৰ কর্মকাণ্ড সম্পৰ্কিত যিসমূহ চেনেল আছে, বিদেশী চেনেল আৰু খেলৰ চেনেলেও এই নিয়মৰ পালন কৰিব লাগিব ।

নিয়ম মানিবলৈ বাধ্য প্রত্যেক চেনেল, জনালে কেন্দ্র‌ই ইয়াৰ লগতে কেন্দ্র‌ই জনাইছে, আপলিংক আৰু ডাউনলিংকৰ ক্ষেত্রতো নিয়ম সংশোধন কৰা হৈছে । আগৰ পৰা অনুমতি ল’ব নালাগে চেনেলসমূহে । অর্থাৎ প্ৰত্যক্ষভাৱে বিদেশী চেনেলসমূহৰ আপলিংক কৰিব পাৰিব ভাৰতীয় চেনেলসমূহে । তদুপৰি একাধিক সালসলনি ঘটোৱা হৈছে । কেন্দ্রীয় মন্ত্রীসভাই এই নির্দেশনাত অনুমোদন দিছে ।

Exit mobile version