নগাঁৱৰ দক্ষিণপাটৰ জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ মৃত্যু

IMG 20221110 185832

নগাঁৱৰ দক্ষিণপাটৰ জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ মৃত্যু । ৪৩ বছৰ বয়সত বিয়লি ২-৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

চিকিৎসাৰ বাবে এম্বুলেন্সৰে গুৱাহাটীলৈ নি থকা অৱস্থাত ৰহাত মৃত্যু হয় । উচ্চ ৰক্তচাপত বুধবাৰে নিশা ঘৰতেই অসুস্থ হৈ পৰিছিল তেওঁ । ভৰ্ত্তি কৰোৱা হৈছিল নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ।

বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল গুৱাহাটীলৈ । “আজিৰ বাতৰি”ৰ জৰিয়তে ৯৬ চনত সংবাদসেৱা আৰম্ভ কৰিছিল তেওঁ ।

দৈনিক অগ্ৰদূত কাকতৰ উপ সম্পাদক, প্ৰাইম নিউজৰ চীফ ৰিপ’ৰ্টাৰ, প্ৰাগ নিউজৰ চীফ ৰিপ’ৰ্টাৰো আছিল শৰ্মা ।

শেহতীয়াকৈ এটা নিউজ প’ৰ্টেলৰ সৈতে জড়িত আছিল তেওঁ ৷

“দৈনিক অগ্ৰদূত”ৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জালী জনাইছো আৰু তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো ৷

Exit mobile version